কাৰ্যবাহী সদস্যৰ দাবীত গোসাঁইগাঁৱত সমদল
কাৰ্যবাহী সদস্যৰ দাবীত গোসাঁইগাঁৱত সমদল।
কাৰ্যবাহী সদস্যৰ দাবীত গোসাঁইগাঁৱত সমদল


কোকৰাঝাৰ, ১৪ অক্টোবৰ (হি.স.): একক সংখ্যাগৰিষ্ঠ আসনেৰে বিটিচিত পুনৰ শাসনৰ গাদীত বহা বিপিএফ দলৰ নেতৃত্বত গঠিত কাৰ্যবাহী সদস্যৰ তালিকা প্ৰকাশ হোৱাৰ পিছতে যোৱাকালি সন্ধিয়া এন্তাজ আলীক কাৰ্যবাহী সদস্য প্ৰদানৰ দাবীত গোসাঁইগাঁৱত বিশাল সমদল বাহিৰ কৰা হয় ৷ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত কাৰ্যবাহী পৰিষদৰ সদস্য সকলৰ সম্প্ৰসাৰণ কৰিবলৈ যোৱা দহ অক্টোবৰ তাৰিখে বিটিচি মুখ্য কাৰ্যবাহী সদস্যই ৰাজ্যপাললৈ প্ৰেৰণ কৰা ১২ জনীয়া কাৰ্যবাহী সদস্যৰ তালিকাত অন্তৰ্ভুক্ত নহল গুমা পৰিষদীয় সমষ্টিৰ বিজয়ী প্ৰাৰ্থী এন্তাজ আলী ৷ সদ্য সমাপ্ত বিটিচি পৰিষদীয় নিৰ্বাচনত মহকুমাৰ ২ নং গুমা পৰিষদীয় সমষ্টিৰ পৰা বিজয়ী হোৱা এন্তাজ আলীয়ে কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হ’ব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে প্ৰকাশিত তালিকাত নাম নথকাত সমষ্টিৰ ৰাইজে ৰাজপথলৈ ওলাই আহিছে৷

সোমবাৰে সন্ধিয়াৰ ভাগত গোসাঁইগাঁও কলেজপাৰাত থকা ব্লক কমিটিৰ কাৰ্যলয়ৰ পৰা বিশাল সমদল উলিয়াই জিলা কাৰ্যলয়লত উপস্থিত হয়৷গুমা পৰিষদীয় সমষ্টিৰ সহস্ৰাধিকৰ ওপৰত কৰ্মী আৰু সমৰ্থকে বেনাৰ, প্লেকাৰ্ড আৰু দলীয় পতাকা লৈ এন্তাজ আলীক কাৰ্যবাহী সদস্য প্ৰদান কৰিবলৈ দাবী জনায় । সমদলত অংশগ্ৰহণ কৰা কৰ্মী সকলে ন’ ইএম ন’ ৰেষ্ট, উই ৱান্ট জাষ্টিচ, ই এম আমাক লাগিব আদিকে বিভিন্ন শ্লোগান দি সদৰ চহৰৰ উপৰি জিলা কাৰ্যলয়ৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ এন্তাজ আলীৰ সমৰ্থনত উলিওৱা সমদলত অংশগ্ৰহণকাৰী সকলে এন্তাজ আলীক কাৰ্যবাহী সদস্য পদ নিদিয়ালৈকে এই আন্দোলন চলি থাকিব বুলি হুংকাৰ দিয়ে৷

অৱশ্যে এই সন্দৰ্ভত জিলা সমিতিৰ সভাপতি শোভাৰাম বসুমতাৰীয়ে ৰাইজৰ আগত প্ৰকাশ কৰা মতে বিপিএফ দলে গোসাঁইগাঁও জিলা সমিতিৰ পৰা কমপক্ষে দুগৰাকী জয়ী প্ৰাৰ্থীক কাৰ্যবাহী সদস্যৰ বাবে দাবী জনাইছিল ৷ সেই মতেই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মহকুমাৰ ৫ নং শৰাইবিল সমষ্টিৰ বিজয়ী প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী আৰু ৬ নং কচুগাঁও সমষ্টিৰ পৰা বিজয়ী হোৱা ৰবিৰাম নাৰ্জাৰীক বাছনি কৰিছে ৷ এই ক্ষেত্ৰত ৰাইজৰ যদিহে কিবা দাবী কৰিবলগীয়া আছে তেন্তে দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক দাবী জনাবলৈ ৰাইজক অনুৰোধ জনায় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande