জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰঙিয়াত আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী
কামৰূপ, ১৪ অক্টোবৰ (হি.স.)। মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰঙিয়াত সদৌ অসম ছাত্ৰ সন্থা (আছু)ই অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপাযণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি কামৰূপ জিলা ছাত্ৰ সন্থাৰ কৰ্মীসক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰঙিয়াত আছুৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী


কামৰূপ, ১৪ অক্টোবৰ (হি.স.)। মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰঙিয়াত সদৌ অসম ছাত্ৰ সন্থা (আছু)ই অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপাযণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি কামৰূপ জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই বিক্ষোভ কাৰ্যসূচী ৰূপাযণ কৰে ।

ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সদস্য সকলে জুবিনৰ ন্যায় বিচাৰি বিক্ষোভ প্ৰদৰ্শন কৰে । এই কাৰ্যসূচীত স্থানীয় ৰাইজ সকলেও অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক তৌফিকুৰ ৰহমানে চৰকাৰক সঁকীয়াই দিয়ে ।

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande