ৰহাৰ আমচৈত অসম গণ পৰিষদৰ ৪১ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন
নগাঁও, ১৪ অক্টোবৰ (হি.স.)। ৰহাৰ আমচৈত অসম গণ পৰিষদৰ ৪১তম্ প্ৰতিষ্ঠা দিৱস উদযাপন। অসম গণ পৰিষদৰ ৰহা বিধানসভা সমষ্টি কমিটিৰ উদ্যোগত আমচৈ ৰাজহুৱা ভৱনত অনুষ্ঠিত হয় ৪১তম্ প্ৰতিষ্ঠা দিৱস। পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰ
ৰহাৰ আমচৈত অসম গণ পৰিষদৰ ৪১ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন


নগাঁও, ১৪ অক্টোবৰ (হি.স.)। ৰহাৰ আমচৈত অসম গণ পৰিষদৰ ৪১তম্ প্ৰতিষ্ঠা দিৱস উদযাপন। অসম গণ পৰিষদৰ ৰহা বিধানসভা সমষ্টি কমিটিৰ উদ্যোগত আমচৈ ৰাজহুৱা ভৱনত অনুষ্ঠিত হয় ৪১তম্ প্ৰতিষ্ঠা দিৱস। পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ব্যক্তব্য প্ৰদান কৰে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম গণ পৰিষদৰ উপ‌ সভাপতি বিষ্ণু দাস। উল্লেখ্য যে উক্ত সভাতে দেওধৰ পঞ্চায়তৰ ৭জন কংগ্ৰেছ দলৰ সদস্যই অসম গণ পৰিষদত যোগদান কৰে। সাম্প্ৰতিক পৰিস্থিতিৰ‌ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ এই‌বৰ্ষৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰা বুলি জানিবলৈ দিয়ে বিষ্ণু দাসে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande