কামৰূপ, ১৪ অক্টোবৰ (হি.স.)। যুগদ্ৰষ্টাৰ মহাপ্ৰয়াণৰ আজি ২৬ দিন। প্ৰিয় শিল্পী গৰাকীক অকালতে হেৰুৱাই আজিও মৰ্মাহত সকলো। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ সোঁত কমা নাই অনুৰাগীৰ। এগচি বন্তি, এখন গামোছা আৰু এধাৰি মালাৰে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেদৰে নিতৌ ভিৰ কৰিছেহি ভিন্ন প্ৰান্তৰ অনুৰাগী। সমস্বৰে গাইছে মায়াবিনী শীৰ্ষক এই প্ৰাৰ্থনা, যাৰ যোগেৰে প্ৰাণৰ শিল্পী গৰাকীক স্মৰণ কৰিছে অনুৰাগীয়ে। সোণাপুৰৰ শেষকৃত্য স্থলীৰ পৰাও প্ৰতিগৰাকী অনুৰাগীয়ে সজোৰে উত্থাপন কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ।
জুবিন গাৰ্গৰ পৰিয়ালৰ ন্যায়ৰ প্ৰতি জনোৱা আহ্বানক যেন সমৰ্থন জনাইছে সৰ্বস্তৰৰ জনগণে। সামাজিক মাধ্যমযোগে ইতিমধ্যে লক্ষ-লক্ষ অনুৰাগীয়ে লিখিছে কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ বাদ পৰি ৰোৱা নাই শিল্পী সাহিত্যিকৰ লগতে বিশিষ্ট ব্যক্তি সকলো। ইফালে জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত অনুৰাগীয়ে প্ৰত্যক্ষ কৰা কিছু ব্যতিক্ৰমী দৃশ্যই আৱেগিক কৰিছে প্ৰতিগৰাকী অনুৰাগীক।
জুবিন গাৰ্গৰ শেষ শয়নৰ স্থান এতিয়া নিৰাপদ আশ্ৰয় স্থল পশু-পক্ষীৰ। পশু-পক্ষীয়েও যেন মানি ল'ব পৰা নাই জুবিন আৰু নাই এই সত্য।
এতিয়া শেষকৃত্যস্থলী পৰ্যবসিত হৈছে পূণ্যতীৰ্থলৈ। প্ৰতিদিনে পুৱাৰে পৰা নিশা পৰ্যন্ত চলিছে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী, গুঞ্জৰিত হৈছে জুবিনৰ গান।
হিন্দুস্থান সমাচাৰ / Narayan Kar