ধুবুৰী, ১৪ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰত যোৱা কালি সোমবাৰে সন্ধিয়া বাঙালী উন্নয়ন মঞ্চই এখন সংবাদ মেল সম্বোধন কৰে । সংবাদ মেল যোগে সমূহ অসমবাসী ৰাইজক, বিশেষকৈ বঙালী সম্প্ৰদায়ৰ লোকসকলক আগন্তুক দিপাৱলীত ফটকা তথা আতছবাজী নুফুটাবলৈ আহ্বান জনায় সংগঠনটোৱে। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এই আহ্বান জনাইছে সংগঠনটোৱে। কেৱল চাকি আৰু ধুপ জ্বলাই এইবেলি দিপাৱলী উৎযাপন কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে । লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসম চৰকাৰক দাবী জনায় বাঙালী উন্নয়ন মঞ্চই।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ