শ্ৰীভূমিৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত এজন
শ্ৰীভূমি, ১৪ অক্টোবৰ (হি.স.)। ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। শ্ৰীভূমিৰ পৰা ভাংগা অভিমুখী আহি থকা বাইক চালকে বিপৰীত দিশৰ পৰা অহা চাইকেল আৰোহীক বচাব গৈ দুৰ্ঘটনাটো সংঘটিত হয়। থিতাতে নিহত বাইক চালক । নিহত বাইক চালকৰ নাম ফজল আহমেদ। লগতে গুৰ
শ্ৰীভূমিৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত এজন


শ্ৰীভূমি, ১৪ অক্টোবৰ (হি.স.)। ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। শ্ৰীভূমিৰ পৰা ভাংগা অভিমুখী আহি থকা বাইক চালকে বিপৰীত দিশৰ পৰা অহা চাইকেল আৰোহীক বচাব গৈ দুৰ্ঘটনাটো সংঘটিত হয়। থিতাতে নিহত বাইক চালক । নিহত বাইক চালকৰ নাম ফজল আহমেদ।

লগতে গুৰুতৰ আঘাত পোৱা বাইক আৰোহী জাবিৰ আহমেদ।

নিহত বাইক চালকৰ ঘৰ বদৰপুৰৰ গুৱাৰীগ্ৰামত। আনহাতে গুৰুতৰ ভাবে আঘাত পোৱা বাইক আৰোহী জাবিৰ আহমেদৰ বদৰপুৰ বাদেমাইজ গাঁওত।

শ্ৰীভূমিৰ ভাংগাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা বাইক খনৰ নম্বৰ হৈছে এএছ ১০জি ৮৫১৬ । বদৰপুৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে লগতে গুৰুতৰ ভাবে জখম হোৱা বাইক আৰোহী জাবিৰ আহমেদক শিলচৰ চিকিতসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande