অৰুণাচল প্ৰদেশৰ টুটিঙত নিৰুদ্দেশ হৈ থকা চিলাপথাৰৰ উন্নত টায়েক অৱশেষত উদ্ধাৰ
ইটানগৰ, ১৪ অক্টোবৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ টুটিঙত যোৱা ২৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা চিলাপথাৰ লক্ষীপুৰ গাঁৱৰ উন্নত টায়েক অৱশেষত উদ্ধাৰ । বিবৰণী মতে চিলাপথাৰ লক্ষীপুৰ গাঁৱৰ উন্নত টায়েক নামৰ ব্যক্তিজন যোৱা ১২ ছেপ্তেম্বৰত অৰুণাচল প্ৰদেশলৈ যাত্ৰা কৰিছিল
অৰুণাচল প্ৰদেশৰ টুটিঙত নিৰুদ্দেশ হৈ থকা চিলাপথাৰৰ উন্নত টায়েক অৱশেষত উদ্ধাৰ


ইটানগৰ, ১৪ অক্টোবৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ টুটিঙত যোৱা ২৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা চিলাপথাৰ লক্ষীপুৰ গাঁৱৰ উন্নত টায়েক অৱশেষত উদ্ধাৰ । বিবৰণী মতে চিলাপথাৰ লক্ষীপুৰ গাঁৱৰ উন্নত টায়েক নামৰ ব্যক্তিজন যোৱা ১২ ছেপ্তেম্বৰত অৰুণাচল প্ৰদেশলৈ যাত্ৰা কৰিছিল। ১৬ ছেপ্তেম্বৰত টুটিঙৰ পৰা টেংগ ৱানলৈ ১১জনীয়া শ্ৰমিকৰ দলৰ সৈতে উন্নত টায়েও কৰ্মস্থলীলৈ যাত্ৰা কৰিছিল।

যোৱা ২০ ছেপ্তেম্বৰত উভতি অহাৰ সময়তে ১১জনীয়া দলৰ পৰা উন্নত টায়েক হঠাৎ নিৰুদ্দেশ হৈ পৰিছিল। অৰুণাচল প্ৰশাসন, টিএমপিকে আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় দল-সংগঠন তথা স্থানীয় লোক সকলৰ সহযোগত নেৰানেপেৰা দীৰ্ঘদিনীয়া অনুসন্ধানৰ পিছত উন্নত টায়েক পাংগ বস্তিৰ ওচৰত ১০ অক্টোবৰ তাৰিখে সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। তেওঁক স্থানীয় লোক সকলে পাহাৰীয়া পথেৰে পাঁচ ঘণ্টা খোজকাঢ়ি টুটিঙলৈ আনে।

বৰ্তমানে উন্নত টায়েক প্ৰাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande