বৰপেটাত সূলভ মূল্যৰ দোকানী আৰু সমবায় সমিতি সমুহৰ প্ৰতিনিধিৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত মন্ত্ৰী কৌশিক ৰায়
বৰপেটা, ১৪ অক্টোবৰ (হি.স.)। বৰপেটাত উপস্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়। বৰপেটা জিলাৰ সূলভ মূল্যৰ দোকানী আৰু সমবায় সমিতি সমুহৰ প্ৰতিনিধিৰ সৈতে বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত উপস্থিত মন্ত্ৰী কৌশিক
বৰপেটাত সূলভ মূল্যৰ দোকানী আৰু সমবায় সমিতি সমুহৰ প্ৰতিনিধিৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত মন্ত্ৰী কৌশিক ৰায়


বৰপেটা, ১৪ অক্টোবৰ (হি.স.)। বৰপেটাত উপস্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়। বৰপেটা জিলাৰ সূলভ মূল্যৰ দোকানী আৰু সমবায় সমিতি সমুহৰ প্ৰতিনিধিৰ সৈতে বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত উপস্থিত মন্ত্ৰী কৌশিক ৰায় ।‌

বৈঠকৰ অন্তত মন্ত্ৰী কৌশিক ৰায়ৰ সাংবাদিকৰ আগত মন্তব্য- অহা পহিলা নবেম্বৰৰ পৰা ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিটো পৰিয়ালক চাউলৰ লগতে প্ৰতিমাহে সুলভ মূল্যত দাইল, চেনি আৰু নিমখ প্ৰদান কৰিব ।‌

এই আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক সুলভ মূলত ১ কিলোগ্রাম ডাইল, ১ কিলোগ্রাম চেনি আৰু ১ কিলোগ্রাম নিমখ প্ৰদান কৰিব। আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৭০ লাখ লোক উপকৃত হব বুলিও মন্তব্য মন্ত্ৰী কৌশিক ৰায়ৰ। মন্ত্রী কৌশিক ৰায়ে কয় যে মুকলি বজাৰতকৈ কম মূল্যত তথা ৰাজসাহাৰ্য থকা এই সামগ্ৰী যোগানে ৰাইজক যথেষ্ট সকাহ দিব।‌ অসমত ৭০ লাখ লোকৰ ৰেচন কাৰ্ড আছে আৰু তেওঁলোক সকলোৱে এই সামগ্ৰী সমূহ লাভ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ।

বৈঠকত জিলা আয়ুক্ত লগতে জিলা প্ৰশাসনৰ বিষয়া আৰু খাদ্য আৰু অসামৰিক বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande