শোণিতপুৰ, ১৪ অক্টোবৰ (হি.স.)। অসমীয়া ভাষা -সাহিত্য -সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি ১৬১ সংখ্যক ওপজা দিনটোত পূৰ্বৰ দৰে তেজপুৰ সাহিত্য সভাই তেজপুৰ চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰধান কাৰ্য্যালয়ৰ সন্মুখত থকা আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰে।
পুৱা অনুষ্ঠিত হোৱা এই বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু প্ৰাক্তন সভাপতিদ্বয় ড০ ভূপেন শইকীয়া আৰু ৰমেশ চন্দ্ৰ কলিতাই।
অসমীয়া ক্লাব, বাণ অসমীয়া ভাষা উন্নতি সাধিনী সভা, প্ৰাক্তন সভাপতি, দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়াই সাহিত্যৰথী গৰাকীৰ স্মৃতিচাৰণ কৰি লক্ষ্মীনাথ বেজবৰুৱা অসমীয়াৰ স্বাভিমান বুলি কৈ লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱ আৰু মাধৱদেৱক নামঘৰৰ মণিকূটৰ পৰা উলিয়াই ননাহেতেন দুয়োগৰাকী জাতীয় জীৱনৰ পুৰোধাৰ জীৱন কৃতী প্ৰতিষ্ঠা নহ'ল হেতেন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা