দীপাৱলীত ফটকা ফুটোৱাতো ৰাইজে নিজেই বিবেচনা কৰক–সাংসদ কামাখ্যা প্ৰসাদ তাছা
গোলাঘাট, ১৪ অক্টোবৰ (হি.স.)। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পাছত এইবাৰৰ দীপাৱলীত ফটকা ফুটোৱাক লৈ ৰাজ্যত ভিন ভিন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। থলুৱা ব্যৱসায়ীৰ লোকচান হোৱাৰ চিন্তাত দীপাৱলীত মূখ্যমন্ত্ৰী গৰাকীয়ে ফটকা ফুটাবলৈ ৰাইজক আহ্বান জনাইছ
দীপাৱলীত ফটকা ফুটোৱাতো ৰাইজে নিজেই বিবেচনা কৰক–সাংসদ কামাখ্যা প্ৰসাদ তাছা


গোলাঘাট, ১৪ অক্টোবৰ (হি.স.)। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পাছত এইবাৰৰ দীপাৱলীত ফটকা ফুটোৱাক লৈ ৰাজ্যত ভিন ভিন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। থলুৱা ব্যৱসায়ীৰ লোকচান হোৱাৰ চিন্তাত দীপাৱলীত মূখ্যমন্ত্ৰী গৰাকীয়ে ফটকা ফুটাবলৈ ৰাইজক আহ্বান জনাইছে। আনফালে, কাজিৰঙা সমষ্টিৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই দীপাৱলীত ফটকা ফুটোৱা নুফুটোৱা কথা ৰাইজকে বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

সাংসদ গৰাকী প্ৰকাশ কৰা অনুসৰি–'ফটকা নুফুটালে ভাল কাৰণ ,দীপাৱলীৰ সময়লৈ জুবিন দা' ৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ নহবৈ চাগে, গতিকে ৰাইজে ফটকা ফুটাব নে নুফুটাই সেইটো সম্পূৰ্ণ নিজৰ নিজৰ অনুভৱ,আমিটো নিজেই নুফুটাও,ৰাইজে এই কথা নিজেই বিবেচনা কৰক'।

সাংসদ গৰাকী প্ৰকাশ কৰা তথ্য় অনুসৰি –'সকলো জনা-শুনা মানুহ' ।'দীপাৱলী আচলতে পোহৰৰ উৎসৱ শব্দৰ উৎসৱ নহয়' ।দেৰগাঁও গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱত উপস্থিত থাকি সাংসদ গৰাকী এইদৰে সংবাদ মাধ্য়মৰ আগত নিজৰ মনোভাৱ প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande