বৰপেটা, ১৪ অক্টোবৰ (হি.স.)। কলগাছিয়াৰ কৰাৰকুৰত বেঁকী দলঙৰ মেৰামতিৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। নাওঁ ভাড়া অধিক লোৱাক লৈ সৰৱ প্ৰতিবাদকাৰী। অতিশীঘ্ৰেই দলং মেৰামতি কৰাৰ লগতে মেৰামতিৰ কাম সম্পূৰ্ণ নকৰালৈকে নাওঁৰ ভাড়া বিনামূলীয়া কৰাৰ দাবীত জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।
বঙাইগাঁও জিলাৰ লেংটিছিঙাৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰ বেঁকী নদীৰ ওপৰত ২০১৫ চনত ৭৮ কোটি টকা ব্যয়েৰে নিৰ্মিত দলংখন যোৱা কেইদিনমান পূৰ্বে পূৱফালৰ তিনি নম্বৰ খুটি আকস্মিকভাবে তললৈ ১ ফুট বহি যোৱাত প্ৰশাসনে দলংৰ ওপৰেৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণভাবে বন্ধ কৰি দিছে। যাৰ ফলত জনসাধাৰণে যন্ত্ৰচালিত নাৱেৰে অহা-যোৱা কৰিবলৈ বাধ্য হৈছে। কিন্তু এই নাৱৰীয়া সকলে নাওঁৰ ভাড়া অধিক লোৱা বুলি প্ৰতিবাদকাৰী সকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
আজি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী পালন কৰি অতিশীঘ্ৰে দলংখনৰ ওপৰেৰে সাধাৰণ মানুহৰ যাতায়ত ব্যৱস্থা সুচল কৰি দলংখন মেৰামতি কৰাৰ দাবী জনাই কলগাছিয়া ৰাজহ চক্ৰ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইপিনে তিনিদিন পূৰ্বে ঘটনাস্থলীত বিশেষজ্ঞৰ দল উপস্থিত হৈ কি কাৰণে দলংৰ খুটি তলফালে বহি গৈছে তাৰ তদন্ত অব্যাহত ৰাখিছে যদিও সম্প্ৰতি দু-চকীয়া বাহন আৰু খোজকাঢ়ি যোৱা মানুহৰ যাতায়তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা