গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি গুৱাহাটীৰ জালুকবাৰী থানাৰ আৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এহাল দম্পতীক গ্ৰেপ্তাৰ কৰে।
মঙলবাৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি, এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ দলটোৱে মালিগাঁৱৰ ঘৰ ৯৬ (দ্বিতীয় মহলা)ৰ ৩ নং গেট সমীপৰ এটা ভাড়াঘৰত তালাচী অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
ধৃত চোৰাং সৰবৰাহকাৰী ৱাংজাম মুকেশ (৪৪, বিষ্ণুপুৰ, মণিপুৰ) আৰু প্ৰেমলতা দেৱী (৪০), ৱাংজাম মুকেশৰ পত্নী। আৰক্ষীয়ে চোৰাংচোৱাকেইজনৰ পৰা প্ৰায় ১৪৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে। ১২টা প্লাষ্টিকৰ চাবোনৰ বাকচত লুকুৱাই ৰাখিছিল হেৰ’ইন। এই হেৰ’ইনৰ মূল্য লাখ লাখ টকা বুলি অনুমান কৰা হৈছে। জালুকবাৰী আৰক্ষীয়ে এই সন্দৰ্ভত এফআইআৰ ৰুজু কৰি দুয়োকে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ