ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে হাৰিয়ানাৰ ডিজিপিক ছুটীলৈ প্ৰেৰণ
চণ্ডীগড়, ১৪ অক্টোবৰ (হি.স.)। হাৰিয়ানা চৰকাৰে আই পি এছ বিষয়া ৱাই পুৰন কুমাৰৰ আত্মহত্যাৰ গোচৰত লক্ষ্য হৈ পৰাৰ পাছত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান শত্ৰুজীত কাপুৰক বাধ্যতামূলক ছুটীত প্ৰেৰণ কৰিছে। সোমবাৰে পুৱা প্ৰায় ১ বজাত চৰকাৰে এই নিৰ্দেশ জাৰি কৰে
ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে হাৰিয়ানাৰ ডিজিপিক ছুটীলৈ প্ৰেৰণ


চণ্ডীগড়, ১৪ অক্টোবৰ (হি.স.)। হাৰিয়ানা চৰকাৰে আই পি এছ বিষয়া ৱাই পুৰন কুমাৰৰ আত্মহত্যাৰ গোচৰত লক্ষ্য হৈ পৰাৰ পাছত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান শত্ৰুজীত কাপুৰক বাধ্যতামূলক ছুটীত প্ৰেৰণ কৰিছে। সোমবাৰে পুৱা প্ৰায় ১ বজাত চৰকাৰে এই নিৰ্দেশ জাৰি কৰে। ইতিমধ্যে চৰকাৰে ৰোহটকৰ আৰক্ষী অধীক্ষক নৰেন্দ্ৰ বিজৰানিয়াক বদলি কৰিছে।

ৱাই পুৰণ কুমাৰৰ আই এ এছ বিষয়া পত্নী অমনীত পি কুমাৰ আৰু তেওঁৰ বিধায়ক ভায়েক অমিত ৰতন কোটফট্টাকে ধৰি কেইবাটাও দলিত সংগঠনে আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ কৰি নিলম্বন কৰাৰ দাবী জনাই আহিছে। ইফালে, ১৭ অক্টোবৰত শোনিপাটৰ ৰায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন বিশ্বাস-জন বিকাশৰ ৰেলী স্থগিত ৰখা হৈছে।

ৱাই পুৰন কুমাৰৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ মঙলবাৰে চণ্ডীগড়লৈ আহি আছে বিৰোধী দলৰ লোকসভাৰ নেতা ৰাহুল গান্ধী আৰু কেন্দ্ৰীয় খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱান। ইয়াৰ আগতেই চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। এতিয়া সকলোৰে দৃষ্টি ৱাই পুৰণ কুমাৰৰ মৰণোত্তৰ পৰীক্ষা আৰু অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত পৰিয়ালৰ সিদ্ধান্তৰ ওপৰত নিবদ্ধ হৈ আছে। পৰিৱৰ্তিত পৰিস্থিতিত আজি ৱাই পুৰণ কুমাৰৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande