হোজাই,১৪ অক্টোবৰ(হি.স.)। লামডিঙত এগৰাকী মৌলানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গোচৰ ৰুজু কৰা হৈছে মৌলানা আল্লাউদ্দিন চোধুৰীৰ বিৰুদ্ধে।
আন্ত: ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলে মৌলানা গৰাকীৰ বিৰুদ্ধে লামডিং থানাত এজাহাৰ দাখিল কৰিছে৷ মৌলানা গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জুবিন অনুৰাগীলৈ দিপাৱলী তথা কালী পূজা পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই ভিডিঅ' বনাইছিলে ৷
সেই ভিডিঅ'ৰ ভিত্তিতে মঙলবাৰে লামডিঙত হোজাই চৌধুৰী বজাৰৰ নিৱাসী তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মৌলানা আল্লাউদ্দিন চোধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷এতিয়া হোজাই জিলা আৰক্ষী মৌলানা গৰাকীৰ বিৰুদ্ধে কি ব্য়ৱস্থা গ্ৰহণ কৰে সেইটো লক্ষনীয় হব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ