তিনিচুকীয়া, ১৪ অক্টোবৰ (হি.স.)। সুৰৰ মায়া এৰি লাখ লাখ অনুৰাগীক শোকৰ সাগৰত পেলাই কায়িকভাৱে ধৰাৰ বুকুৰ পৰা সুৰৰ সম্ৰাট জুবিন গাৰ্গে বিদায় লোৱাৰ বিশ দিন অতিক্ৰম কৰিলে। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। এনে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৱা দেওবাৰে ডিগবৈ ৰিফাইনেৰী ফিল্ডত অনুষ্ঠিত কৰা হৈছিল। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ আদৰ্শ অনুসৰি কৰি ৰাহি হোৱা সামগ্ৰী কেইবাটাও অনাথ আশ্ৰমত বিতৰণ কৰা হয়।
উল্লেখ্য় যে যোৱা দেওবাৰে ডিগবৈ ৰিফাইনেৰী ফিল্ডত অনুষ্ঠিত হোৱা জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি আৰু ৰাজহুৱা শ্ৰাদ্ধৰ বাবে ডিগবৈবাসীয়ে স্বত্ব:স্ফুত ভাৱে বিভিন্ন সা সামগ্ৰী প্ৰদান কৰিছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰা দহ সহস্ৰাধিক লোকক আপ্যায়িত কৰিও বুজন পৰিমাণৰ বিভিন্ন সামগ্ৰী ৰাহি হয়। সকলো সমাগ্ৰী দুটা অনাথ আশ্ৰমত শিশু সকলৰ বাবে বিতৰণ কৰে।
এনেদৰে জুবিন গাৰ্গৰ আদৰ্শক অনুসৰণ কৰি দুখিয়া ৰাইজক সহায় কৰিব যাব বুলি সমিতিখনে জানিবলৈ দিয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা