এইবাৰ ডবকাত চলিব বৃহৎ উচ্ছেদ অভিযান
নগাঁও, ১৪ অক্টোবৰ (হি.স.)। ৰাজ্য়ত অবৈধ বেদখলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰা হ’ব। এইবাৰ ডবকাত চলিব বৃহৎ উচ্ছেদ অভিযান। ডবকাৰ যমুনা-মৌডংঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে চলিব অভিযান। ইতিমধ্য়ে এই সন্দৰ্ভত বন বিভাগৰ জানন
এইবাৰ ডবকাত চলিব বৃহৎ উচ্ছেদ অভিযান


নগাঁও, ১৪ অক্টোবৰ (হি.স.)। ৰাজ্য়ত অবৈধ বেদখলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰা হ’ব। এইবাৰ ডবকাত চলিব বৃহৎ উচ্ছেদ অভিযান। ডবকাৰ যমুনা-মৌডংঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে চলিব অভিযান। ইতিমধ্য়ে এই সন্দৰ্ভত বন বিভাগৰ জাননী দিয়া হৈছে।

বন বিভাগৰ ভূমিত ঘৰ বাৰী নিৰ্মাণ কৰা ১২৫৮ টা পৰিয়ালক উচ্ছেদ কৰিব । ইতিমধ্যে ১৫ দিনৰ সময়সীমা বান্ধি দি জাননী প্ৰেৰণ কৰিছে হোজাইৰ বন বিভাগে। সংৰক্ষিত বনাঞ্চলখনৰ উদমাৰী, যমুনাগাওঁ, নিগম আদি এলেকাত চলিব এই উচ্ছেদ অভিযান। কিছুদিনৰ পৰা প্ৰস্তুতি চলাই থকা বন বিভাগে যোৱাকালি জাৰি কৰে জাননী। ইফালে জাননী লাভ কৰাৰ পাছতেই অঞ্চলটোত লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande