ইতিহাসৰ পৃষ্ঠাত ১৫ অক্টোবৰঃ ভাৰতৰ মিছাইল মেন আৰু ১১ সংখ্যক ৰাষ্ট্ৰপতি ড° এ.পি.জে. আব্দুল কালাম
১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা আবুল পাকিৰ জৈনুলাবদিন আব্দুল কালামে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অনন্য অৱদান আগবঢ়াইছিল। দেশৰ প্ৰতিৰক্ষা আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজ্ঞানী, অভিযন্তা, দূৰদৰ্শী ন
अवुल पकिर जैनुलाब्दीन अब्दुल कलाम। फोटो - फाइल


১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা আবুল পাকিৰ জৈনুলাবদিন আব্দুল কালামে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অনন্য অৱদান আগবঢ়াইছিল। দেশৰ প্ৰতিৰক্ষা আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজ্ঞানী, অভিযন্তা, দূৰদৰ্শী নেতা। ভাৰতৰ মিছাইল প্ৰগ্ৰেমৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত, যাৰ বাবে তেওঁক মিছাইল মেন অৱ ইণ্ডিয়া বুলি উপনাম দিয়া হয়।

কালামে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ নেতৃত্ব দিছিল। ভাৰতৰ প্ৰথমখন থলুৱা উপগ্ৰহ উৎক্ষেপণ বাহন নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁৰ এই প্ৰচেষ্টাই ভাৰতক প্ৰতিৰক্ষা খণ্ড আৰু মহাকাশ গৱেষণাত আত্মনিৰ্ভৰশীলতাৰ দিশত বৃহৎ পদক্ষেপ লোৱাত সহায় কৰিছিল।

২০০২ চনৰ পৰা ২০০৭ চনলৈ ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা কালামে ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল আৰু দেশপ্ৰেম, বিজ্ঞান, শিক্ষাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা এজন নেতা হিচাপে গণ্য কৰা হৈছিল। তেওঁ আছিল সৰলতা আৰু সততাৰ প্ৰতীক।

আব্দুল কালামৰ জীৱন দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ অৱদান কেৱল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাতে সীমাবদ্ধ নাছিল; তেওঁ যুৱক-যুৱতীসকলক সপোন দেখিবলৈ আৰু তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ সদায় সপোন চাওক আৰু সেইবোৰ লাভ কৰিবলৈ চেষ্টা কৰকৰ বাৰ্তা প্ৰচাৰ কৰিছিল। ভাৰতীয় বিজ্ঞান আৰু ৰাষ্ট্ৰীয় সেৱাৰ ইতিহাসত আজিও তেওঁৰ নাম সোণালী আখৰেৰে লিখা আছে।

গুৰুত্বপূৰ্ণ পৰিঘটনা-

১৬৮৬ - আজিৰ দিনটোতে মোগল শাসক ঔৰংজেবে বিজাপুৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে।

১৮৬৬ - কানাডাৰ ফৰাচী সংখ্যাগৰিষ্ঠ অঞ্চল ক্যুবেকত সংঘটিত বৃহৎ অগ্নিকাণ্ডত ২৫০০ ঘৰ ধ্বংস হয়।

১৯২৩ - বছৰৰ পঞ্চমটো গ্রীষ্মমণ্ডলীয় ধুমুহাই লিৱাৰ্ড দ্বীপপুঞ্জৰ উত্তৰ অংশত আঘাত হানে।

১৯৩২ - টাটাই দেশৰ প্ৰথম বিমান সংস্থা টাটা সন্স লিমিটেড আৰম্ভ কৰে।

১৯৩৫ - টাটা এয়াৰলাইন্সে (যিখন পিছলৈ এয়াৰ ইণ্ডিয়ালৈ পৰিণত হয়) প্ৰথম বিমান যাত্ৰা কৰে।

১৯৪৯ - ত্ৰিপুৰা ৰাজ্য ভাৰতত অন্তৰ্ভুক্ত হয়।

১৯৫৮ - আফ্ৰিকান দেশ টিউনিছিয়াই ইজিপ্তৰ সৈতে কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰে।

১৯৭০ - আনোৱাৰ সাদাত ইজিপ্তৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৯৭৮ - ছোভিয়েট ইউনিয়নে পূব কাজাখস্তান অঞ্চলত পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৯০ - ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

১৯৯৬ - ফিজিয়ে প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় যিয়ে সৰ্বাংগীন পৰীক্ষা নিষেধাজ্ঞা চুক্তি অনুমোদন কৰে।

১৯৯৭ - অৰুন্ধতী ৰয়ে দ্য গড অৱ স্মল থিংছ উপন্যাসৰ বাবে ব্ৰিটেইনৰ সন্মানীয় বুকাৰ বঁটাৰ বাবে নিৰ্বাচিত হয়।

১৯৯৮ - ভাৰতৰ ফাতিমা বিক দৰিদ্ৰতা নিৰাময়ৰ বাবে ৰাষ্ট্ৰসংঘৰ বঁটা প্ৰদান কৰা হয়।

১৯৯৯ - চীনে ১২ হাজাৰ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ডি এফ-৪১ আইচিবিএমৰ সফলতাৰে পৰীক্ষা কৰে। জেনেৰেল জোচেফ ৰাউলষ্টনক নাটোৰ উচ্চতম ভাইচ কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হয়।

২০০৬ - ৰাষ্ট্ৰসংঘই উত্তৰ কোৰিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

২০০৭ -লিঅ'নিড হাৰভিচ, এৰিক মাস্কিন আৰু ৰজাৰ মায়ৰছন নামৰ তিনিজন আমেৰিকান অৰ্থনীতিবিদক ২০০৭ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

২০০৮ - ৰিজাৰ্ভ বেংকে ভাৰতীয় কেন্দ্ৰীয় ৰিজাৰ্ভ বেংক (চি আৰ আৰ)ত এক শতাংশ কৰ্তনৰ কথা ঘোষণা কৰে।

২০০৮ - অৰবিন্দ আদিগাই দ্য হোৱাইট টাইগাৰ নামৰ গ্ৰন্থখনৰ বাবে ২০০৮ চনৰ বুকাৰ বঁটা লাভ কৰে।

২০১২ - ব্ৰিটিছ লেখিকা হিলাৰী মেণ্টেলক তেওঁৰ উপন্যাস ব্ৰিং আপ দ্য বডিজৰ বাবে মেন বুকাৰ বঁটাৰে সন্মানিত কৰা হয়।

২০১৩ - ফিলিপাইনছত ৭.২ প্ৰাবল্যৰ ভূমিকম্পত ২১৫ জনতকৈ অধিক লোকৰ মৃত্যু হয়।

জন্ম :

১৫৪২ - আকবৰ - মোগল সম্ৰাট

১৯১৪ - মহম্মদ জাহিৰ শ্বাহ - আফগানিস্তানৰ শেষ ৰজা

১৯১৪ - মনুভাই ৰাজাৰাম পাঞ্চোলি - গুজৰাটী ঔপন্যাসিক, সাহিত্যিক, শিক্ষাবিদ, আৰু ৰাজনীতিবিদ।

১৯২২ - শংকৰ - বিখ্যাত সংগীত শিল্পী (শংকৰ জয়কিষণ)।

১৯২৫ - আজিৰ দিনটোতে হিৰালাল দেৱপুৰা - ৰাজস্থানৰ ১১ সংখ্যক মুখ্যমন্ত্ৰী।

১৯৩২ - কে শংকৰানাৰায়ণন - মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল।

১৯৩১ - আব্দুল কালাম - ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আৰু মিছাইল মেন।

১৯৩৬ - দিল্লীৰ মুখ্যমন্ত্ৰী মদন লাল খুৰানা।

১৯৪৬ - ভিক্টৰ বেনাৰ্জী - ভাৰতীয় অভিনেতা।

১৯৪৭ - মদন সিং চৌহান - ছত্তীশগড়ৰ সংগীতজ্ঞ আৰু বিখ্যাত লোকগায়ক।

১৯৪৮ - মহেন্দ্ৰ নাথ পাণ্ডে - ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত ভাৰতীয় ৰাজনীতিবিদ।

১৯৫২ - ৰমন সিং - বিখ্যাত ৰাজনীতিবিদ আৰু ছত্তীশগড়ৰ দ্বিতীয় মুখ্যমন্ত্ৰী।

১৯৫৩ - মগুন্ত শ্ৰীনিবাসুলু ৰেড্ডী - ভাৰতীয় ৰাজনীতিবিদ, ১৭ নং লোকসভাৰ সংসদ সদস্য।

১৯৫৭ - ভাৰতীয় পৰিচালক মীৰা নায়াৰ।

১৯৫৭ - মুখতাৰ আব্বাছ নকৱী - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰনেতা।

১৯৭৩ - কৃপানাথ মল্লাহ - ভাৰতীয় ৰাজনীতিবিদ, অসমৰ কৰিমগঞ্জ সমষ্টিৰ পৰা ১৭ নং লোকসভাৰ সদস্য।

মৃত্যু-

১৫৯৫ - ফাইজি - মধ্যযুগীয় ভাৰতৰ এজন পণ্ডিত আৰু এজন প্ৰখ্যাত পাৰ্চী কবি।

১৯১৮ - ছাই বাবা।

১৯৬১ - সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা, এজন কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ, আৰু চুটিগল্পকাৰ।

১৯৭৫ - দেৱী প্ৰসাদ ৰায় চৌধুৰী - বিখ্যাত চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী, পদ্মভূষণ বঁটাৰে সন্মানিত।

১৯৯৯ - দুৰ্গা ভাভি - ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিপ্লৱীসকলৰ এগৰাকী মূল সহযোগী।

২০১২ - নোৰোডম শ্বিনুক - কম্বোডিয়াৰ ৰজা।

২০২০ - ভানু আথাইয়া - ভাৰতীয় চিনেমাৰ এগৰাকী বিখ্যাত ড্ৰেছ ডিজাইনাৰ হিচাপে পৰিচিত।

২০২০ - অক্কিথাম আচুথান নামবুথিৰি - মালয়ালম কবি।

২০২২ - অ' পি শৰ্মা - ভাৰতৰ বিখ্যাত যাদুকৰ।

গুৰুত্বপূৰ্ণ দিন-

-বিশ্বৰ লাখুটি দিৱস।

-বিশ্ব গ্ৰাম্য মহিলা দিৱস।

-বিশ্ব ডাক দিৱস (সপ্তাহ)।

-ৰাষ্ট্ৰীয় আইনী সাহায্য দিৱস (সপ্তাহ)।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande