গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। অসমৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত লাখ লাখ চাহ শ্ৰমিকে প্ৰতিবাদ কৰা বিষয়টোক ৰাজ্য চৰকাৰে এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই। যিসকল আদিবাসী লোক ঝাৰখণ্ডত জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত সেইসকল লোক অসমত কিয় জনজাতি নহয় বুলি আজি প্ৰশ্ন উত্থাপন কৰি ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ প্ৰদীপ বালমুশ্বুৱে অসমৰ চাহ জনগোষ্ঠীৰ লোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে।
আজি মঙলবাৰে এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছৰ মিডিয়া বিভাগৰ সমন্বয়ক প্ৰদীপ বালমুশ্বুৱে গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ অসমৰ চাহ বাগিচাৰ লগত জড়িত জনাজাতিৰ লোকসকল আজি সকলো ফালৰ পৰা বঞ্চিত বুলি অভিযোগ কৰে। বৰ্তমানৰ চৰকাৰখনে চাহ জনজাতিৰ লোকসকলক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰা বুলি উল্লেখ কৰি বিষয়টো কংগ্ৰেছে গুৰুত্বসহকাৰে গ্ৰহণ কৰি শীঘ্ৰে এক চিন্তন বৈঠক অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিন ধৰি অসমৰ নেতৃত্বত থাকিলে অসমৰ চাহ বাগিচাসমূহ ধ্বংস হৈ যাব। চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ কৰা এক আইন তৈয়াৰ কৰি লৈ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন আন সদস্যসকলে অসমৰ চাহ বাগিচাসমূহ কোম্পানীৰ স্বত্বৰ পৰা কম দামত কিনি অন্য কামত ব্যৱহাৰ কৰাৰ ষড়যন্ত্ৰ কৰাৰ কথা আজি চাহ জনগোষ্ঠীৰ লোকসকলে বুজি পাইছে।
চাহুৱে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনৰ এই ষড়যন্ত্ৰৰ কথা চাহ জনগোষ্ঠীৰ ৰাইজে অনুধাৱন কৰাৰ পিছতে উজনি অসমত লাখ লাখ লোক নিজৰ খৰছত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পিছত এই প্ৰতিবাদ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, শোণিতপুৰকে ধৰি সকলোতে হ’ব বুলি উল্লেখ কৰি চাহুৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ এই প্ৰতিবাদত বিজেপিৰ লোকো আছে বুলি উল্লেখ কৰা ঘটনা অত্যন্ত হাস্যকৰ। তেওঁ কয়, প্ৰতিবাদী সভাত বিজেপি মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ ধ্বনিৰে আকাশ-বতাহ মুখৰিত হৈ আছে। বিজেপিৰ মানুহে হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ দিয়াতো অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি চাহুৱে মন্তব্য কৰে। তেওঁ লগতে কয় কেনিয়া আৰু বাংলাদেশৰ পৰা ভাৰত চৰকাৰে কম দামত চাহপাত ক্ৰয় কৰাৰ ব্যৱস্থা কৰাৰ বাবে অসমৰ চাহ উদ্যোগ আজি ধ্বংসৰ মুখলৈ গৈছে। এই ষড়যন্ত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যক্ষভাৱে জড়িত বুলি তেওঁ উল্লেখ কৰে।
সংবাদমেলত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে অসমৰ চাহ বাগিচাসমূহত কৰ্মৰত চাহ শ্ৰমিকৰ জীৱন-নিৰ্বাহৰ মানদণ্ড পূৰ্বতকৈ নিম্নগামী হৈছে আৰু ইয়াৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৩ অক্টোবৰৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাত ১৩ অক্টোবৰত চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, শিশু-মহিলাৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা, শ্ৰমিকৰ মজুৰি ৫১৫ টকালৈ বৃদ্ধি কৰা আৰু শিক্ষা-স্বাস্থ্যকে ধৰি বুনিয়াদী শিক্ষাসমূহ চাহ বাগিচাত প্ৰদান কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব।
বৰাই লগতে গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ চাহ জনগোষ্ঠীৰ লোকক জনজাতিকৰণ কৰা বিষয়টো নিশ্চিত কৰিবলৈ কংগ্ৰেছ দলে চূড়ান্ত পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সমন্বয়ক গোপাল শৰ্মাও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী