গৌৰীপুৰৰ আলমগঞ্জ অঞ্চলত দুটা চোৰাং গো-ধনসহ আটক এজন সৰবৰাহকাৰী
গৌৰীপুৰত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
গৌৰীপুৰৰ আলমগঞ্জ অঞ্চলত দুটা চোৰাং গো-ধনসহ আটক এজন সৰবৰাহকাৰী


ধুবুৰী, ১৪ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । অভিযানত আলমগঞ্জ অঞ্চলৰ পৰা দুটা চোৰাং গো-ধনসহ আটক হয় এজন সৰবৰাহকাৰী।

পৰ্বতঝোৰাৰ পাহাৰীয়া অঞ্চলৰে পশ্চিম বংগৰ পৰা শ্ৰীৰামপুৰহৈ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ বিভিন্ন এলেকাৰে এটা চক্ৰই চোৰাং গৰু বাংলাদেশলৈ চালান কৰি থাকোতে গৌৰীপুৰ আৰক্ষীয়ে আলমগঞ্জ অঞ্চলত যোৱা কালি সোমবাৰে নিশা অভিযান চলাই দুটা চোৰাং গৰু জব্দ কৰাৰ লগতে ফৌইজ উদ্দীন নামৰ এজন সৰ্বৰকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও আন এজন পলাই যাবলৈ সক্ষম হয়। আটক হোৱা সৰবৰাহকাৰী জনৰ স্বীকাৰোক্তি মতে ওপিয়াল নামৰ ব্যক্তি এজন এই চোৰাং কাৰবাৰী লগত জড়িত থকাৰ কথা পোহৰলৈ আহিছে। গৌৰীপুৰ আৰক্ষীয়ে এই ওপিয়াল নামৰ ব্যক্তি গৰাকীক পৰৱৰ্তী সময়ত আটক কৰিব পাৰে নে নাই সেয়া সময়ত লক্ষণীয় হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande