গোৱালপাৰা, ১৪ অক্টোবৰ (হি.স.)। গোৱালপাৰাৰ আগিয়াৰ বাবুপাৰাত এক ভয়ংকৰ বাছ দূৰ্ঘটনা সংঘটিত হয়। বাছ দূৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাবে আহত হয় কেইবাজনো বাছ যাত্ৰী। বাছ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ ফলত উক্ত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছ খন।
গোৱালপাৰাৰ পৰা মানকাচৰ অভিমূখে গৈ থকা বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈ পথৰ দাঁতিত থকা পুখুৰীত বাগৰি পৰে বাছখন।ঘটনাস্থলীত গোৱালপাৰা আৰক্ষী থানাৰ পৰা এক উদ্ধাৰকাৰী দল আহি আহত বাছ যাত্ৰী সকলক গোৱালপাৰা অসামৰিক চিকিতসালয়ত ভৰ্তি কৰা হৈছে। সামান্য় আহত হোৱা যাত্ৰী সকলক প্ৰাথমিক চিকতসাৰ অন্তত চিকিতসালয়ৰ পৰা যাব দিয়া হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা