চালক আৰু হেণ্ডেমেন আটক
ধুবুৰী, ১৪ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযানত যোৱাকালি সোমবাৰে বিয়লি গৌৰাং বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক সহ গোণা ম’হ উদ্ধাৰ কৰা হয়। বহি: ৰাজ্য পশ্চিমবঙ্গৰ পৰা আলুৰ বস্তাৰ আঁৰত ষোল্ল টাকৈ গোণা ম’হ কঢ়িয়াই এএছ ০১ কেচি ৯৮৮৭ নম্বৰৰ ট্ৰাকেৰে গোৱালপাৰাৰ লক্ষীপুৰ অভিমুখে গৈ আছিল।
গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ৰায়ে গোপন সুত্ৰৰ ভিক্তিত গোলকগঞ্জৰ গৌৰাং বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক খন আটক কৰে। বাহন খনত ম’হ থকা বুলি নিশ্চিত হোৱাত চালক আৰু হেণ্ডিমেনক আটক কৰে। আনহাতে ট্ৰাক খন আৰক্ষী থানালৈ আনি তালাচী চলাই আলুৰ বস্তাৰ আঁৰত ষোল্লটা মহ উদ্ধাৰ কৰে। ধৃত ট্ৰাক চালক জন পোকালাগীৰ দেলৱাৰ হুচেইন আৰু হেণ্ডেমেন জন ছাগলীয়াৰ ৰয়েল হুচেইন বুলি পৰিচয় পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ