বোকাখাতত দিনজোৰা কাৰ্যসূচীৰে অগপৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
গোলাঘাট, ১৪ অক্টোবৰ (হি.স.)। ১৯৮৫ চনত জন্ম লাভ কৰা অসম গণ পৰিষদ দলৰ আজি ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস ।প্ৰতিষ্ঠা দিৱসৰ দিনাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ মায়াবিনী গীতেৰে আৰম্ভ কৰিলে অনুষ্ঠানৰ সকলো কাৰ্যসূচী ৷ দলটোৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি ব
বোকাখাতত দিনজোৰা কাৰ্যসূচীৰে অগপৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন


গোলাঘাট, ১৪ অক্টোবৰ (হি.স.)। ১৯৮৫ চনত জন্ম লাভ কৰা অসম গণ পৰিষদ দলৰ আজি ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস ।প্ৰতিষ্ঠা দিৱসৰ দিনাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ মায়াবিনী গীতেৰে আৰম্ভ কৰিলে অনুষ্ঠানৰ সকলো কাৰ্যসূচী ৷ দলটোৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত জিলা সমিতিৰ দিনজোৰা কাৰ্যসূচীৰ দলটোৰ প্ৰতিষ্ঠা দিৱসৰ আৰম্ভ হয় ।

পুৱা পতাকা উত্তোলন কৰে বিধানসভা সমষ্টিৰ সভাপতি জগত চন্দ্ৰ কলিতাই । শ্বহীদ তৰ্পন, শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰ লগতে সতীৰ্থ সন্মিলন, সম্বৰ্ধনা আদি কাৰ্যসূচীৰে বোকাখাতত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে ।প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ সমষ্টিটোৰ অন্তৰ্গত আটাইকেইটা গাও পঞ্চায়তৰ অধিনৰ কৰ্মী,সমৰ্থক সকলে নতুন উদ্দমেৰে প্ৰতিষ্ঠা দিৱস উপলক্ষে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande