গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি পদত এবিভিপিৰ বৃহৎ জয়
সভাপতি পদত গুঞ্জন ডেকা আৰু সাধাৰণ সম্পাদক পদত প্ৰবালজ্যোতি শৰ্মা গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ সমর্থিত প্রার্থী গুঞ্জন ডেকা সভাপতি আৰু সাধাৰণ সম্পাদক
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি পদত এবিভিপিৰ বৃহৎ জয়


সভাপতি পদত গুঞ্জন ডেকা আৰু সাধাৰণ সম্পাদক পদত প্ৰবালজ্যোতি শৰ্মা

গুৱাহাটী, ১৪ অক্টোবৰ (হি.স.)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ সমর্থিত প্রার্থী গুঞ্জন ডেকা সভাপতি আৰু সাধাৰণ সম্পাদক পদত প্ৰবালজ্যোতি শৰ্মা, সংগীত সম্পাদিকা পদত প্ৰীতিমল্লিকা খনিকৰ, ক্ৰীড়া সম্পাদক ( স্নাতকোত্তৰ ) আয়ুস গৌতম, ক্ৰীড়া সম্পাদিকা ভূয়সী বৰুৱা আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদিকা পদত পূৰ্বা বৰগোহাঁইকে ধৰি এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়ী হয়।

উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই বিজয়ে যুৱ প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ বিজয় আৰু সমৰ্থনক প্ৰতিনিধিত্ব কৰে। যি বিজয়ে সমাজৰ তথাকথিত জাতীয়তাবাদী আৰু বাওঁপন্থী সকলৰ আগত উত্তৰ প্ৰদান কৰে।

আজি অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্র সমাজক ধন্যবাদ জনাই এই জয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ সমাজৰ জয় বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande