শোণিতপুৰ জিলা আছুৰ উদ্যোগত বিক্ষোভ কাৰ্য্যসূচী
শোণিতপুৰ , ১৪ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুৱিন গাৰ্গক ন্যায় প্ৰদান দাৱীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসুচী৷ সমগ্ৰ ৰাজ্যৰ লগতে জুবিন গাৰ্গৰ ন্যায়ক ন্যায় দিয়াৰ দাবী তুলি শোণিতপুৰতো আছুৱে এলানি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী
শোণিতপুৰ জিলা আছুৰ উদ্যোগত বিক্ষোভ কাৰ্য্যসূচী


শোণিতপুৰ , ১৪ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুৱিন গাৰ্গক ন্যায় প্ৰদান দাৱীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসুচী৷ সমগ্ৰ ৰাজ্যৰ লগতে জুবিন গাৰ্গৰ ন্যায়ক ন্যায় দিয়াৰ দাবী তুলি শোণিতপুৰতো আছুৱে এলানি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দাবী কৰে যে জুৱিন গাৰ্গৰ মৃত্যুৰ তদন্ত পানী নসৰকা হব লাগিব৷

জুবিনৰ মৃত্যুৰ বাবে যি সকল দোষী তেওলোকক উচিত শাস্তি দিবই লাগিব ৷ আজি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো শোণিতপুৰ আছুৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰা হয়৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ শ ছাত্ৰ ছাত্ৰী তথা আছুৰ সদস্যই আজি ৰাজপথলৈ ওলায় আহি প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত ন্যায় তথা দোষীক চৰম শাস্তি বিহাৰ দাবী তুলি বিভিন্ন প্ৰতিবাদী ধ্বনি দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande