তেজপুৰত অগপৰ কাৰ্যালয়ত পালন কৰা হয় ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস
শোণিতপুৰ, ১৪ অক্টোবৰ (হি.স.)। অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অগপৰ আজি প্ৰতিষ্ঠা দিৱস৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো অগপৰ কাৰ্যালয়ত পালন কৰা হয় ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ পুৱা দলীয় পতাকা উত্তোলন কৰে অগপৰ তেজপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল নাথে৷ এইবেলি অগ
তেজপুৰত অগপৰ কাৰ্যালয়ত পালন কৰা হয় ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস


শোণিতপুৰ, ১৪ অক্টোবৰ (হি.স.)। অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অগপৰ আজি প্ৰতিষ্ঠা দিৱস৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো অগপৰ কাৰ্যালয়ত পালন কৰা হয় ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ পুৱা দলীয় পতাকা উত্তোলন কৰে অগপৰ তেজপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল নাথে৷ এইবেলি অগপই কেন্দ্ৰীয় ভাৱে গুৱাহাটীত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল যদিও জুৱিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলা সদৰত অনুষ্ঠিত কৰাৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰে৷

পতাকা উত্তোলনৰ পিছতেই শ্বহিদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু অগপৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্যই৷ তাৰ পিছতেই অনুষ্টুপিয়া কাৰ্যসুচীৰ অংশ হিচাপে দুয়োগৰাকী অগপৰ নেতাই বক্তব্য ৰাখে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande