গোলাঘাট, ১৩ অক্টোবৰ (হি.স.)। বোকাখাতৰ ৯ নম্বৰ ৱাৰ্ডত এক অঘটন সংঘটিত হয় ।পথাৰত মাছ ধৰিবলৈ গৈ সলিল সমাধি স্থানীয় এজন যুুৱকৰ । বদন শইকীয়া নামৰ ৪৫ বছৰীয়া যুৱক জনে পুৱা পথাৰত মাছ ধৰিবলৈ গৈছিল । অসাৱধানবসত পথাৰৰ দ-পুখুৰীত পৰি মৃত্যু যুৱক জনৰ ।
বোকাখাত সাতোলাগাঁৱত ঘৰ মৃত বদন শইকীয়াৰ ।
ঘটনাস্থলীত পিছত এছডিআৰএফ বাহিনী উপস্থিত হৈ
মৃত বদন শইকীয়াক পথাৰৰ দ পানীৰ পৰা উদ্ধাৰ কৰিব সক্ষম হয়। ঘটনাস্থলীত উপস্থিত গোলাঘাট আৰক্ষী পিছত মৃত বদন শইকীয়াৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু