চৰাইদেউ, ১৩ অক্টোবৰ (হি.স.)। মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসত চোৰৰ তাণ্ডৱ l ছাত্ৰী নিবাসৰ ৱাৰ্ডেন, ছাত্ৰীৰ অভিযোগ কোনো নিৰাপত্তা ব্যৱস্থাই নাই ছাত্ৰীনিবাসত l
চৰাইদেউ জিলাৰ মৰাণৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যায়ৰ কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰীনিবাসত আজি পুৱতি নিশা চোৰে তাণ্ডৱ চলোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নিশা প্ৰায় ২-৩০ বজাত চোৰে ছাত্ৰী নিবাসটোৰ কেইবাটাও কোঠাৰ খিৰিকি খোলাৰ লগতে এটা কোঠাৰ পৰা এগৰাকী ছাত্ৰীৰ এটা মোবাইল ফোন চুৰি কৰি নিয়ে ৷ এই ঘটনাৰ পাছতে আতংকিত হৈ পৰিছে ছাত্ৰীনিবাসৰ আবাসী ছাত্ৰীসকলৰ লগতে ৱাৰ্ডেন গৰাকীও ৷ ছাত্ৰীসকলৰ স্পষ্ট অভিযোগ ছাত্ৰীনিবাসত নাই উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা ৷ ছাত্ৰীনিবাসত থকা চিচিটিভিৰ ব্যৱস্থা বিকল হৈ আছে ৷
দুৱাৰ-খিৰিকিসমূহ ৰচিৰে বান্ধি ৰাখিব লাগে ৷ ছাত্ৰীনিবাসটোত নাই খোৱাপানীৰো সু-ব্যৱস্থা ৷ মুঠ ৫৪ গৰাকী ছাত্ৰী থকা ছাত্ৰীনিবাসটোত নৈশ চকীদাৰগৰাকীও কেৱল গেটৰ তলাবন্ধ কৰিবলৈহে আহে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰীসকলে ৷ এই সমগ্ৰ অভাৱ-অভিযোগৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পাছতো মহাবিদ্যালয়খনৰ অধ্যক্ষা অথবা কৰ্তৃপক্ষই কোনো গুৰত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ছাত্ৰীসকলে ৷ যাৰ ফলত আজি এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰীনিবাসৰ ছাত্ৰীসকলৰ লগতে ৱাৰ্ডেনে ৷ এই চুৰিকাণ্ডৰ লগত জড়িত দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ব কৰাৰ লগতে ছাত্ৰীনিবাসৰ ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ছাত্ৰীসকলে দাবী জনাইছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু