কোকৰাঝাৰ, ১৩ অক্টোবৰ (হি.স.)। বিটিচিৰ পঞ্চম কাৰ্যনিৰ্বাহক পৰিষদৰ কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান কাইলৈ কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচিএলএৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ।
অসম চৰকাৰৰ বডোলেণ্ড কল্যাণ বিভাগ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চন্দ্ৰ চাহুই কাৰ্যবাহী সদস্য সকলক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাব। অনুষ্ঠানৰ জৰিয়তে নৱগঠিত বিটিচি চৰকাৰত কাৰ্যবাহী সদস্য সকলক আনুষ্ঠানিক ভাৱে অন্তৰ্ভুক্ত কৰা হ’ব।লক্ষনীয় যে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ শাসনভাৰৰ দায়িত্ব পাচ বছৰৰ বাবে অব্যাহত থাকিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ