নগাঁৱ, ১৩ অক্টোবৰ (হি.স.)। নগাঁৱৰ কঠিয়াতলী কছাৰী গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ ৷ লগত পোৱালি থকা বন্যহস্তীৰ জাক এটাই কঠিয়াতলী কছাৰী গাঁৱৰ বিভিন্ন স্থানৰ ধান খেতিকে ধৰি বহু অন্য খেতি নষ্ট কৰে ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকটো নিশাই খেদি পঠিওৱা হয় যদিও পোৱালি এটা থাকি গৈছিল । বন্যহস্তী সমূহৰ প্ৰাকৃতিক আবাসস্থলী বনাঞ্চল সমূহত খাদ্যৰ অভাৱ হোৱাত খাদ্যৰ সন্ধানত বন্যহস্তী সমূহ জনাঞ্চলত প্ৰৱেশ কৰে আৰু উপদ্ৰৱ চলায়
অৱশ্যে বন বিভাগৰ সহযোগত পাছত পোৱালিটো পাহাৰলৈ খেদি পঠিওৱা হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু