যুৱতী হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তপ্ত ক্ষেত্ৰী থানা
Assam, 13 অক্টোবৰ (হি.স.)। হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তপ্ত ক্ষেত্ৰী থানা। উত্তাল প্ৰতিবাদ কেইবাশতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ্। আৰক্ষীয়ে মূল দুৱাৰ বন্ধ কৰি বাধা দিলে প্ৰতিবাদকাৰীক। ক্ষেত্ৰী আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে
হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তপ্ত ক্ষেত্ৰী থানা,,


হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তপ্ত ক্ষেত্ৰী থানা,,


Assam, 13 অক্টোবৰ (হি.স.)। হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তপ্ত ক্ষেত্ৰী থানা। উত্তাল প্ৰতিবাদ কেইবাশতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ্। আৰক্ষীয়ে মূল দুৱাৰ বন্ধ কৰি বাধা দিলে প্ৰতিবাদকাৰীক।

ক্ষেত্ৰী আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত অপূৰ্ব মল্লিক আৰু দুই সহযোগীক। উল্লেখ্য যে বিগত ১০ অক্টোবৰ শুকুৰবাৰে মালয়বাৰী গাঁও ডিমৰীয়াৰ নিজ গৃহতে নিশা মূমুৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী মেধাৱী ছাত্ৰী অস্মিতা চৰকাৰ।

পৰৱৰ্তী পৰ্যায়ত পিতৃ-মাতৃয়ে চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল ছাত্ৰীগৰাকীক। ইয়াৰ পিছতেই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি অস্মিতা চৰকাৰৰ পিতৃ মনধন সৰকাৰে দাখিল কৰিছিল এজাহাৰ।

কিশোৰীগৰাকীৰ প্ৰতিৱেশী খুৰাকৰ ভাষ্য অনুসৰি ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত তেওঁলোকৰ গৃহত প্ৰৱেশ কৰিছিল মায়ং থানাৰ অন্তৰ্গত বহা-বৰদলনিৰ অপূৰ্ব মল্লিক (১৮) আৰু এগৰাকী কিশোৰীসহ পূব মালয়বাৰীৰ দুই সহযোগীয়ে।।

পৰৱৰ্তী পৰ্যায়ত কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল পৰিয়ালৰ লোকে। কিশোৰীগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট হোৱালৈ চাই অপূৰ্ব মল্লিকৰ নেতৃত্বত ছাত্ৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ঘটনা সংঘটিত কৰিয়েই মূল অভিযুক্ত অপূৰ্ব মল্লিকে পলায়ন কৰিছিল যদিও ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত চলাই ইতিমধ্যে দেওবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপূৰ্ব মল্লিকক।

ইফালে মেধাৱী ছাত্ৰীগৰাকীক এনেদৰে নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত স্থানীয় ৰাইজ তথা ডিমৰীয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ক্ষেত্ৰী আৰক্ষী থানা ঘেৰাও কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰে।

কি কাৰণত কিশোৰীগৰাকীক নৃশংসভাৱে হত্যা কৰা হ'ল এয়া স্পষ্ট হোৱা নাই যদিও এয়া একপক্ষীয় প্ৰেমজনিত ঘটনা বুলিয়েই আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

ইতিমধ্যে সমগ্ৰ ঘটনা সামৰি ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অপূৰ্ব মল্লিক ঘটনাৰ সৈতে জড়িতৰ কিছু ক্লু লাভ কৰিছে যদিও প্ৰকৃত তথ্য অনুসন্ধানৰ অন্ততহে স্পষ্ট কৰিব বুলি জানিবলৈ দিয়ে ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande