জোৱেল মকিৰ, ফিলিপ এঘিয়ন আৰু পিটাৰ হয়িটলৈ অৰ্থনীতিৰ নোবেল বঁটা
ষ্টকহোম, ১৩ অক্টোবৰ (হি.স.)। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে আমেৰিকাৰ নৰ্থ বেষ্টার্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুবেল মকিৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইকোনমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্রাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাব হয়িটলৈ ২০২৫ ব
आर्थशास्त्र का नोबेल पुरस्कार के लोगो का प्रतीकात्‍मक चित्र


ষ্টকহোম, ১৩ অক্টোবৰ (হি.স.)। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে আমেৰিকাৰ নৰ্থ বেষ্টার্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুবেল মকিৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইকোনমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্রাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাব হয়িটলৈ ২০২৫ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন'বেল বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

সোমবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে নোবেল কমিটীয়ে এক বিবৃতিত কয় যে ২০২৫ চনত আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনীতিৰ নোবেল বঁটা তিনিজন অৰ্থনীতিবিদক প্ৰদান কৰা হ’ব।

বিজয়ীসকলে যৌথভাৱে ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (১২ লাখ ডলাৰ) আৰু প্ৰশস্তি লাভ কৰিব। ১০ ডিচেম্বৰত ষ্টকহ’মত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে জনোৱা মতে, উদ্ভাৱন-চালিত অৰ্থনৈতিক বিকাশৰ ব্যাখ্যা আগবঢ়োৱা কামৰ বাবে জোৱেল মকিৰ, ফিলিপ এঘিয়ন, আৰু পিটাৰ হয়িটক ২০২৫ চনৰ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হ’ব। পুৰস্কাৰৰ আধা অংশ মকিৰক প্ৰযুক্তিগত অগ্ৰগতিৰ জৰিয়তে বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় চৰ্ত চিনাক্ত কৰাৰ বাবে প্ৰদান কৰা হ'ব আৰু বাকী আধা অংশ আঘিয়ন আৰু হয়িটক যৌথভাৱে সৃষ্টিশীল ধ্বংসৰ জৰিয়তে বহনক্ষম উন্নয়নৰ তত্ত্বৰ বাবে প্ৰদান কৰা হ'ব। ন'বেল কমিটীয়ে প্রকাশ কৰা অনুসৰি, অধ্যাপক জুবেল মকিৰে প্রযুক্তিগত উন্নতিৰ মাজেৰে বহনক্ষম বিকাশৰ আৱশ্যকতা সম্পর্কত যি অভিনৱ সূত্র আগবঢ়াইছে তাৰ বাবেই তেওঁক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।

আনহাতে, ফিলিপ এঘিয়ন আৰু পিটাৰ হয়িতে উদ্ভাবনী শক্তি আৰু গঠনমূলক বিঘটনেৰে অর্থনৈতিক বৃদ্ধি লাভৰ ক্ষেত্ৰত আগবঢ়োৱা তত্বৰ স্বীকৃতিস্বরূপে তেওঁলোক দুগৰাকীকো ন'বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে।

অৰ্থনীতিৰ নোবেল বঁটাক আনুষ্ঠানিকভাৱে আলফ্ৰেড নোবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ বেংক অৱ ছুইডেন বঁটা বুলি জনা যায়। ১৯৬৮ চনত ১৯ শতিকাৰ ছুইডেনৰ ব্যৱসায়ী আৰু ৰসায়নবিদগৰাকীৰ স্মৃতিত বেংকে ইয়াক প্ৰতিষ্ঠা কৰিছিল। নোবেলে ডাইনামাইট আৱিষ্কাৰ কৰি পাঁচটা নোবেল বঁটা প্ৰতিষ্ঠা কৰে। তাৰ পিছৰে পৰা মুঠ ৯৬ গৰাকী বঁটা বিজয়ীক ৫৬ বাৰকৈ এই বঁটা প্ৰদান কৰা হৈছে। আজিলৈকে অৰ্থনীতিৰ নোবেল বঁটা বিজয়ীৰ ভিতৰত মাত্ৰ তিনিগৰাকী মহিলাহে আছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ নোবেল বঁটা তিনিজন অৰ্থনীতিবিদক প্ৰদান কৰা হৈছিল: ডেৰন এচেম’গ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছন।

প্ৰণিধানযোগ্য যে অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী ১৯৪৬ চনত নেদাৰলেণ্ডৰ লেইডেনত জন্মগ্ৰহণ কৰা জোৱেল মকিৰে ১৯৭৪ চনত আমেৰিকাৰ ইয়েল বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। বৰ্তমান আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৫৬ চনত ফ্ৰান্সৰ পেৰিছত জন্মগ্ৰহণ কৰা ফিলিপ আঘিয়নে ১৯৮৭ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। বৰ্তমান ব্ৰিটেইনৰ লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ অধ্যাপক। ইফালে ১৯৪৬ চনত কানাডাত জন্মগ্ৰহণ কৰা পিটাৰ হাউইটে ১৯৭৩ চনত আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।বৰ্তমান তেওঁ আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande