বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় দুজন ড্ৰাগছ ব্যৱসায়ীক
ধেমাজি, ১৩ অক্টোবৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে সোমবাৰে জোনাই আৰক্ষী-টিএমপিকে- আৰু সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় দুজন ড্ৰাগছ ব্যৱসায়ীক৷
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় দুজন ড্ৰাগছ ব্যৱসায়ীক৷


ধেমাজি, ১৩ অক্টোবৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে সোমবাৰে জোনাই আৰক্ষী-টিএমপিকে- আৰু সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় দুজন ড্ৰাগছ ব্যৱসায়ীক৷

জানিব পৰামতে সোনোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ একাংশ বিষয়ববীয়াই চিলাপথাৰৰ পৰা জ’নাই অভিমুখে গৈ থকা এম এল ০৫ জে ৩৯৮০ নম্বৰা এখন ইনোভা গাড়ীত ড্ৰাগছ ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰাৰ খবৰ পাই চিমেন চাপৰিৰ পৰা সংগঠনৰ বিষয়ববীয়া সকলে পিচ লৈ অহাৰ লগতে বিষয়টো অৱগত কৰে টি এম পি কেৰ জোনাই জিলা সমিতিকো৷

ইফালে টি এম পি কে জোনাই জিলা সমিতিৰ বিষয়ববীয়াই জোনাই আৰক্ষী আৰু সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত জোনাইৰ কুলি তিনিআলিৰ কাষতে ড্ৰাগছ কঢ়িয়াই নিয়া ইনোভা খন আগচি ধৰি বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তাকু দলে আৰু তাৰ্কু লিগাৰ নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন তাকু দলে বগীবিলৰ কাষৰ আৰু তাৰ্কু লিগাৰ অৰুণাচলৰ আলো ৰ বুলি জানিব পৰা গৈছে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande