ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত জয়ৰ পৰা ৫৮ ৰান দূৰত ভাৰত
নতুন দিল্লী, ১৩ অক্টোবৰ (হি.স.)। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট মেচৰ চতুৰ্থ দিনৰ অন্ত পৰিছে। দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৬৩ ৰান সংগ্ৰহ কৰিছে ভাৰতে। এতিয়া ভাৰতক জয়ী হ’বলৈ মাত্ৰ ৫৮ ৰানৰ
भारतीय बल्लेबाज


নতুন দিল্লী, ১৩ অক্টোবৰ (হি.স.)। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট মেচৰ চতুৰ্থ দিনৰ অন্ত পৰিছে। দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৬৩ ৰান সংগ্ৰহ কৰিছে ভাৰতে। এতিয়া ভাৰতক জয়ী হ’বলৈ মাত্ৰ ৫৮ ৰানৰ প্ৰয়োজন। ছাই সুদৰ্শনে ৩০ ৰানত অপৰাজিত আৰু কে এল ৰাহুলে ২৫ ৰানত অপৰাজিত হৈ আছে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছনি কৰি ভাৰতে ৫ উইকেটত ৫১৮ ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজ ২৪৮ ৰানত বল আউট হয়। ইয়াৰ ফলত ভাৰতে ২৭০ ৰানৰ অগ্ৰগতি লাভ কৰাৰ লগতে ফ’ল’ অন বলবৎ কৰে। ইয়াৰ পিছতে ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ৩৯০ ৰান সংগ্ৰহ কৰে। ইয়াৰ ফলত ৱেষ্ট ইণ্ডিজৰ সামগ্ৰিক অগ্ৰগতি ১২০ ৰান হয়গৈ আৰু ভাৰতক জয়ী হ’বলৈ ১২১ ৰানৰ লক্ষ্য লাভ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে চতুৰ্থ দিন সোমবাৰে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৬৩ ৰান সংগ্ৰহ কৰে। পঞ্চম দিনা অৰ্থাৎ অন্তিম দিনটোত জয়ী হ’বলৈ দলটোৱে ৫৮ ৰান সংগ্ৰহ কৰিব লাগিব। সাই সুদৰ্শনে ৪৭ বলত ৩০ ৰান সংগ্ৰহ কৰি আছে, আৰু কে এল ৰাহুলে ৫৪ বলত ২৫ ৰান সংগ্ৰহ কৰি আছে। আউট হোৱা একমাত্ৰ উইকেটটো আছিল অ’পেনাৰ যশস্বী জয়ছোৱালৰ, যিয়ে ৮ ৰান সংগ্ৰহ কৰে।

ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছ ৩৯০ ৰানত সীমাবদ্ধ

ইয়াৰ পূৰ্বে আজি পুৱা চতুৰ্থ দিনা ৱেষ্ট ইণ্ডিজে দুটা উইকেটত ১৭৩ ৰানত পুনৰ খেল আৰম্ভ কৰে। অ’পেনাৰ জন কেম্পবেলে প্ৰথম টেষ্টত শতক অৰ্জন কৰে। অৱশ্যে শতক অৰ্জন কৰাৰ পিছতো খেলপথাৰত বেছি সময় থাকিব নোৱাৰিলে আৰু ৰবীন্দ্ৰ জাদেজাৰ পৰা এল বি ডব্লিউ হৈছিল। কেম্পবেলে ১৯৯টা বলত ১২টা চাৰি আৰু তিনিটা ছয়ৰে ১১৫ ৰান সংগ্ৰহ কৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত ছাই হোপেও শতকত উপনীত হ’ল যদিও তেওঁ শতকৰ পিছতে মহম্মদ ছিৰাজৰ বলত আউট হয়। হোপে ২১৪টা বলত ১০৩ ৰান সংগ্ৰহ কৰে, য’ত ১২টা চাৰি আৰু দুটা ছয় আছিল। ৱেষ্ট ইণ্ডিজে ২৯৩ ৰানত পঞ্চমটো উইকেট হেৰুৱায়। কুলদীপ যাদৱে টেভিন ইমলাচ এল বি ডব্লিউক মাত্ৰ ১২ ৰানত আউট কৰে। তাৰ পাছত ২৯৮ ৰানত কুলদীপে ৱেষ্ট ইণ্ডিজক একেৰাহে দুটা আঘাত দিয়ে। প্ৰথমে তেওঁ ৪০ ৰান কৰা অধিনায়ক ৰষ্টন চেজক আউট কৰে। তাৰ পিছত, তেওঁ খাৰী পিয়েৰক আউট কৰে, যিয়ে নিজৰ একাউণ্টটোও খুলিব নোৱাৰিলে।

ৱেষ্ট ইণ্ডিজৰ হৈ ৩০৭ ৰানত অষ্টমটো উইকেট দখল কৰে জছপ্ৰিত বুমৰাহে। বুমৰাহে ক্লীন বল কৰে জোমেল ৱাৰিকানক, যিয়ে মাত্ৰ ৩ ৰানহে কৰিবলৈ সক্ষম হয়। আলহী দলৰ নৱম উইকেটটো পৰিল এণ্ডাৰছন ফিলিপৰ ৰূপত, যিয়ে ২ ৰান সংগ্ৰহ কৰে। ভাৰতীয় বলাৰসকলে অন্তিমটো উইকেট দখল কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল। জেডেন ছিলছ আৰু জাষ্টিন গ্ৰীভছে ৫০ ৰানৰো অধিক অংশীদাৰিত্ব গঢ়ি তুলিছিল। অৱশেষত বুমৰাহে ছিলছক আউট কৰি ইনিংছ শেষ কৰে। ছিলছে ৩২ ৰান আৰু গ্ৰীভছে অপৰাজিত ৫০ ৰান সংগ্ৰহ কৰে। এইদৰে ফ’ল’ অন খেলি ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ৩৯০ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু জছপ্ৰিত বুমৰাহে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ছিৰাজে দুটা উইকেট লাভ কৰে। ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে।

ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত ২৪৮ ৰান সংগ্ৰহ-

ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত ২৪৮ ৰান সংগ্ৰহ কৰে। দলটোৰ বাবে সৰ্বাধিক ৰাণ কৰিছিল এলিক আথানাজে। তেওঁ ৮৪টা বলত ৪১ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও হোপে ৫৭ বলত ৩৬ ৰান, টি চেণ্ডাৰপলে ৩৪, খাৰী পিয়েৰে ২৩, টেভিন ইমলাচে ২১, জাষ্টিন গ্ৰীভছে ১৭, জন কেম্পবেলে ১০ আৰু এণ্ডাৰছন ফিলিপে ২৪ ৰান কৰি অপৰাজিত হৈ ৰয়।

ভাৰতৰ হৈ কুলদীপ যাদৱে ৫টা উইকেট দখল কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাই ৩টা উইকেট আৰু যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে এটাকৈ উইকেট দখল কৰে।

৫ উইকেটত ৫১৮ ৰান কৰি ভাৰতে প্ৰথম ইনিংছ ঘোষণা-

ভাৰতে ৫ উইকেটত ৫১৮ ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। অধিনায়ক শুভমন গিলে অপৰাজিত ১২৯ ৰান সংগ্ৰহ কৰি টেষ্টত দশম শতক অৰ্জন কৰে। যশস্বী জয়ছেৱালেও ১৭৫ ৰানৰ উৎকৃষ্ট ইনিংছ খেলিছিল। জয়ছোৱাল আৰু গিলৰ উপৰিও ছাই সুদৰ্শনে ৮৭, ধ্ৰুৱ জুৰেলে ৪৪, নীতিশ কুমাৰ ৰেড্ডী ৪৩, আৰু কে এল ৰাহুলে ৩৮ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ জোমেল ৱাৰিকনে ৩ আৰু ৰষ্টন চেজে প্ৰথম ইনিংছত এটা উইকেট দখল কৰে।

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাৰ এইখন দ্বিতীয়খন মেচ। প্ৰথমখন মেচত জয়লাভ কৰি ১-০ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় দলটোৱে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande