বোকাখাতত বাগিচাৰ মাজত থকা এটা পুখুৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ
গোলাঘাট, ১৩ অক্টোবৰ (হি.স.)। বোকাখাতৰ বিহৰাত অঘটন। বাগিচাৰ মাজত থকা এটা পুখুৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ। নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল মিকিৰচাং চাহ বাগিচাৰ ৪ নং লাইনৰ শংকৰ তাঁতী। পূৱাৰ ভাগত স্থানীয় লোকে বিচাৰি আহি যমুনা ৰূপে জনাজাত এটা পুখুৰীত প্ৰত্য
বোকাখাতত বাগিচাৰ মাজত থকা এটা পুখুৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ


গোলাঘাট, ১৩ অক্টোবৰ (হি.স.)। বোকাখাতৰ বিহৰাত অঘটন। বাগিচাৰ মাজত থকা এটা পুখুৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ। নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল মিকিৰচাং চাহ বাগিচাৰ ৪ নং লাইনৰ শংকৰ তাঁতী। পূৱাৰ ভাগত স্থানীয় লোকে বিচাৰি আহি যমুনা ৰূপে জনাজাত এটা পুখুৰীত প্ৰত্যক্ষ কৰে প্ৰায় ৩১ বছৰীয়া যুৱকজনৰ মৃতদেহ।

বোকাখাত আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। যুৱকজনৰ মৃতদেহৰ মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে গোলাঘাট অসামৰিক চিকিতসালয়লৈ মৃতদেহটো প্ৰেৰণ কৰে। মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত যুৱক জনৰ মৃত্য়ুৰ কাৰণ নিৰ্ণয় কৰিব পৰা যাব। যুৱক জনৰ মৃত্য়ু প্ৰাকৃতিক কাৰণত হৈছে নে কোনো দুৰ্বিত্তই হত্য়া কৰি পেলাই থৈছে মৰোণত্তৰ পৰীক্ষাৰ ফলাফলত এই বিষয়ে প্ৰকাশ পাব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande