বলীউডৰ আটাইতকৈ ডাঙৰ কমেডী ছবি ‘নো এণ্ট্ৰি’ৰ ছিকুৱেল ‘নো এণ্ট্ৰি ২’ক লৈ অনুৰাগীসকল উৎসাহিত হৈ পৰিছে। অৱশ্যে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক খবৰ ওলাইছে যে অভিনেতা বৰুণ ধৱনে ছবিখনৰ পৰা আঁতৰি গৈছে।
ইয়াৰ পূৰ্বে দিলজিৎ দোসাঞ্জে ছবিখনৰ পৰা বাহিৰ হোৱাৰ পিছত বৰুণৰ প্ৰস্থান সন্দৰ্ভত জল্পনা-কল্পনাই অনুৰাগীক হতাশ কৰি তুলিছিল। উৰাবাতৰি ইমানেই তীব্ৰতৰ হৈ পৰিল যে প্ৰযোজক বনী কাপুৰে নিজেই আগবাঢ়ি আহি স্পষ্ট কৰিব লগা হ’ল।
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বনি কাপুৰে এই উৰাবাতৰিৰ অন্ত পেলাই কয় যে, “আমি এতিয়াও ‘নো এণ্ট্ৰি’ৰ কাম কৰি আছো।” বৰুণ ধৱন আৰু অৰ্জুন কাপুৰে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমি আমাৰ তৃতীয় নায়ক আৰু বাকী অভিনেতা-অভিনেত্ৰীসকলক চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত আছো।’ বনীৰ এই বক্তব্যই স্পষ্ট কৰি দিলে যে বৰুণ ধাৱনে ছবিখন এৰি যোৱা নাই আৰু প্ৰকল্পটোৰ কাম পূৰ্ণগতিত আগবাঢ়িছে। ইয়াৰ পূৰ্বে এটা প্ৰতিবেদনত দাবী কৰা হৈছিল যে বৰুণে ভেদিয়া ২ৰ সূচীৰ বাবে নো এণ্ট্ৰি ২ এৰি থৈ গৈছে। কিন্তু প্ৰযোজকগৰাকীৰ এক বিবৃতিত এতিয়া এই প্ৰতিবেদনসমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি প্ৰমাণিত হৈছে।
নো এণ্ট্ৰি ২ৰ কাহিনী আৰু কাষ্টিঙৰ সন্দৰ্ভত এতিয়াও বিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও সূত্ৰসমূহে ইংগিত দিছে যে ছবিখনত পূৰ্বৰ কিস্তিতকৈ আৰু অধিক কমেডী, বিভ্ৰান্তি, আৰু ৰোমাঞ্চৰ সৃষ্টি হ'ব। মন কৰিবলগীয়া যে ২০০৫ চনত নিৰ্মিত আনীছ বাজমীৰ পৰিচালনাত নিৰ্মিত নো এণ্ট্ৰি ছবিখনে ব্লকবাষ্টাৰ হিট হৈছিল। ছলমান খান, অনিল কাপুৰ, ফাৰ্দিন খান, লাৰা দত্ত, বিপাছা বসু, চেলিনা জেটলীৰ দৰে তাৰকাই দৰ্শকক তেওঁলোকৰ উৎকৃষ্ট কমিক টাইমিং প্ৰদান কৰিছিল। এতিয়া ইয়াৰ ছিকুৱেলৰ আশা আৰু অধিক বৃদ্ধি পাইছে। অনুৰাগীসকলে কয় যে যদি বৰুণ ধাৱন আৰু অৰ্জুন কাপুৰৰ মজাপ্ৰেমী যুটিটো পুনৰ সৃষ্টি কৰা হয় তেন্তে নো এণ্ট্ৰি ২ ছবিখনে আকৌ এবাৰ চিনেমাগৃহলৈ হাঁহিৰ ধুমুহা কঢ়িয়াই আনিব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ