গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। দেশৰ অন্যান্য প্ৰতিষ্ঠানৰ দৰে দীপাৱলী উপলক্ষে শ্বেয়াৰ বজাৰ খনো বন্ধ থাকিব। বিএছই আৰু এনএছই দুয়োটা এক্সচেঞ্জতে দীপান্বিতাত ট্ৰেডিং সম্ভৱ নহ’ব। এই বন্ধৰ দিন হৈছে ২১ আৰু ২২ অক্টোবৰ। ইয়াৰে ২১ অক্টোবৰ দীপাৱলী/লক্ষ্মী পূজন হোৱাৰ বিপৰীতে ২২ অক্টোবৰত দীপাৱলী বলিপ্ৰতিপদ। অৱশ্যে ২১ অক্টোবৰৰ দীপাৱলীৰ দিনা মুহুৰ্তৰ ব্যৱসায়ৰ বাবে কিছু সময়ৰ বাবে শ্বেয়াৰ বজাৰ খোলা থাকিব।
উল্লেখ্য যে ২১ আৰু ২২ অক্টোবৰত বিএছইৰ ইকুইটি ছেগমেণ্ট, ইকুইটি ডেৰাইভেটিভ ছেগমেণ্ট, এছএলবি ছেগমেণ্ট, মুদ্ৰা ডেৰাইভেটিভ ছেগমেণ্ট, এনডিএছ-আৰএছটি, ট্ৰাই-পাৰ্টি ৰেপ’, ক’ম’ডিটি ডেৰাইভেটিভ ছেগমেণ্ট, আৰু ইলেক্ট্ৰনিক গোল্ড ৰচিদ (ইজিআৰ) ছেগমেণ্টৰ বাবে ট্ৰেডিং ছুটী থাকিব। এন এছ ইত ইকুইটি, ইকুইটি ডেৰাইভেটিভ, ক’ম’ডিটিজ ডেৰাইভেটিভ, কৰ্পৰেট বণ্ড, নতুন ঋণ ছেগমেণ্ট, আলোচনাপন্থী ট্ৰেড ৰিপ’ৰ্টিং প্লেটফৰ্ম, মিউচুৱেল ফাণ্ড, ছিকিউৰিটি লেণ্ডিং আৰু ঋণ আঁচনি, মুদ্ৰা ডেৰাইভেটিভ, আৰু সুতৰ হাৰৰ ডেৰাইভেটিভকে ধৰি সকলো ছেগমেণ্ট এই তাৰিখত বন্ধ কৰা হ’ব। একেদৰে দীপাৱলী উপলক্ষে অহা ২১ আৰু ২২ অক্টোবৰত বন্ধ থাকিব মাল্টি ক’ম’ডিটি এক্সচেঞ্জ।
আনহাতে ২১ অক্টোবৰত দিনৰ ১:৪৫ বজাৰ পৰা ২:৪৫ বজালৈ এন এছ ই আৰু বি এছ ইত এক ঘণ্টীয়া মুহুৰ্ত ব্যৱসায়ৰ অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও দুপৰীয়া ১:৩০ বজাৰ পৰা ১:৪৫ বজালৈ প্ৰি-অপেন অধিবেশন থাকিব, যাৰ ফলত ব্যৱসায়ীসকলে ব্যৱসায়ৰ বাবে প্ৰস্তুতি চলাব পাৰিব। এই মুহুৰ্ত ব্যৱসায়িক অধিবেশন বিনিয়োগকাৰীৰ বাবে এক শুভ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। বহু বছৰ ধৰি চলি আহিছে মুহুৰ্ত ব্যৱসায়ৰ পৰম্পৰা। বিনিয়োগকাৰীসকলে ইয়াক তেওঁলোকৰ পৰ্টফলিঅ’লৈ সমৃদ্ধি আৰু সফলতা অনাৰ সুযোগ হিচাপে লয়।
বিগত ১৬ বছৰত এই বিশেষ অধিবেশনত ১৩ বাৰকৈ চেন্সেক্স আৰু নিফটি দুয়োটাই লাভৰ সৈতে বন্ধ হৈছে। ২০২৪ চনৰ দীপাৱলীৰ মুহুৰ্ত ব্যৱসায়িক অধিবেশনত ৩৩৫.০৬ পইণ্ট বৃদ্ধিৰে ৭৯,৭২৪.১২ আৰু নিফটি ৯৯ পইণ্ট বৃদ্ধিৰে ২৪,৩০৪.৩৫ত বন্ধ হয়।
দীপাৱলীৰ পাছত ২০২৫ চনৰ বাকী অংশত শনিবাৰ আৰু দেওবাৰৰ বাহিৰেও ৫ নৱেম্বৰত গুৰু নানক জয়ন্তী আৰু ২৫ ডিচেম্বৰত বৰদিনত শ্বেয়াৰ বজাৰ বন্ধ থাকিব। ইফালে ১০ অক্টোবৰ শুকুৰবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে উৰ্ধগামীৰে শ্বেয়াৰ বজাৰ বন্ধ হৈ পৰে। বিএছই চেন্সেক্সৰ শ্বেয়াৰ ৩২৮.৭২ পইণ্ট বা ০.৪০ শতাংশ বৃদ্ধিৰে ৮২,৫০০.৮২ত বন্ধ হয়, আনহাতে নিফটিৰ মূল্য ১০৩.৫৫ পইণ্ট বা ০.৪১ শতাংশ বৃদ্ধি পাই ২৫,২৮৫.৩৫ত বন্ধ হয় ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া