গৌৰীপুৰ বজাৰৰ পৰা চোৰে লুটি নিলে ৪০ হেজাৰৰো অধিক টকা
ধুবুৰী, ১২ অক্টোবৰ (হি.স.)। ধুবুৰীৰ গৌৰীপুৰত চোৰৰ সন্ত্ৰাস । দিন দুপৰেতে গৌৰীপুৰ বজাৰৰ পৰা চোৰে লুটি নিলে ৪০ হেজাৰৰো অধিক টকা। গৌৰীপুৰত সঘনাই সংঘটিত হৈছে চোৰৰ সন্ত্ৰাস। এইবাৰ গৌৰীপুৰ বজাৰৰ বিকি বাগাৰিয়া নামৰ লোকজনৰ দোকানত দিন দুপৰতে চোৰে লুটি নি
গৌৰীপুৰ বজাৰৰ পৰা চোৰে লুটি নিলে ৪০ হেজাৰৰো অধিক টকা


ধুবুৰী, ১২ অক্টোবৰ (হি.স.)। ধুবুৰীৰ গৌৰীপুৰত চোৰৰ সন্ত্ৰাস । দিন দুপৰেতে গৌৰীপুৰ বজাৰৰ পৰা চোৰে লুটি নিলে ৪০ হেজাৰৰো অধিক টকা।

গৌৰীপুৰত সঘনাই সংঘটিত হৈছে চোৰৰ সন্ত্ৰাস। এইবাৰ গৌৰীপুৰ বজাৰৰ বিকি বাগাৰিয়া নামৰ লোকজনৰ দোকানত দিন দুপৰতে চোৰে লুটি নিলে ৪০ হাজাৰৰো অধিক টকা। ইফালে দোকান খনৰ গৰাকীয়ে অভিযোগ কৰে যে এনেদৰে দিন দুপৰতে দোকান লুটি নিয়ে কিন্তু কোনো কান সাৰ নাই গৌৰীপুৰ আৰক্ষী প্ৰশাসনৰ। আজি এনে ঘটনা সংঘটিত হৈছে গৌৰীপুৰ বিকি বাগাৰিয়া দোকানত। ৰাইজে চোৰক কৰায়ক্ত কৰি উচিত বিচাৰ কৰাৰ দাবী জনায় প্ৰশাসনক।

ইফালে এই চুৰিৰ ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সোধপোচ আৰম্ভ কৰিছে আৰু চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি এই চুৰি কাণ্ডৰ তদন্ত আগবঢ়াই নিয়া বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande