শীৰ্ষ দহটা কোম্পানীৰ ভিতৰত আঠটাৰ বজাৰ মূলধন ১.৯৪ লাখ কোটি টকা বৃদ্ধি
গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। চেন্সেক্সৰ শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীৰ ভিতৰত ৮ টা কোম্পানীৰ বজাৰ মূলধন (মাৰ্কেট কেপ) যোৱা সপ্তাহত মুঠ ১,৯৪,১৪৮.৭৩ কোটি টকা বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আটাইতকৈ বেছি লাভ হয়।
মাৰ্কেট কেপ


গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। চেন্সেক্সৰ শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীৰ ভিতৰত ৮ টা কোম্পানীৰ বজাৰ মূলধন (মাৰ্কেট কেপ) যোৱা সপ্তাহত মুঠ ১,৯৪,১৪৮.৭৩ কোটি টকা বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আটাইতকৈ বেছি লাভ হয়। যোৱা সপ্তাহত বিএছই চেন্সেক্সৰ মূল্য ১২৯৩.৬৫ পইণ্ট বা ১.৫৯ শতাংশ বৃদ্ধি পাইছে।

এই সপ্তাহটোত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, টাটা কনছালটেন্সি চাৰ্ভিচেছ, আই চি আই চি আই বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই), বাজাজ ফাইনেন্স আৰু ইনফ’ছিছৰ মাৰ্কেট কেপ বৃদ্ধি পাইছে। আনহাতে হিন্দুস্তান ইউনিলিভাৰ আৰু ভাৰতীয় জীৱন বীমা নিগমৰ বজাৰ মূল্য হ্ৰাস পাইছে।

যোৱা সপ্তাহত টিচিএছৰ মাৰ্কেট কেপ ৪৫,৬৭৮.৩৫ কোটি টকা বৃদ্ধি পাই ১০,৯৫,৭০১.৬২ কোটি টকা হৈছে। একেদৰে ইনফ’ছিছৰ মাৰ্কেট কেপ ২৮,১২৫.২৯ কোটি টকা বৃদ্ধি পাই ৬,২৯,০৮০.২২ কোটি টকা, এইচডিএফচি বেংকৰ ২৫,১৩৫.৬২ কোটি টকা বৃদ্ধি পাই ১৫,০৭,০২৫.১৯ কোটি, ভাৰতী এয়াৰটেলৰ ২৫,০৮৯.২৭ কোটি টকা বৃদ্ধি পাই ১১,০৫,৯৮০.৩৫ কোটি টকা হয়।

একেদৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ২৫,০৩৫.০৮ কোটি টকা বৃদ্ধি পাই ১৮,৭০,১২০.০৬ কোটি, বাজাজ ফাইনেন্স ২১,১৮৭.৫৬ কোটি টকা বৃদ্ধি পাই ৬,৩৬,৯৯৫.৭৪ কোটি, ষ্টেট বেংক অৱ ইণ্ডিয়া ১২,৬৪৫.৯৪ কোটি টকা বৃদ্ধি পাই ৮,১২,৯৮৬.৬৪ কোটি টকা আৰু আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ১১,২৫১.৬২ কোটি টকা বৃদ্ধি পাই ৯,৮৬,৩৬৭.৪৭ কোটি টকা হৈছে।

বাকী দুটা কোম্পানীয়ে কিমান লোকচান -

ইয়াৰ বিপৰীতে এল আই চিৰ মাৰ্কেট কেপ ৪,৬৪৮.৮৮ কোটি টকা হ্ৰাস পাই ৫,৬৭,৮৫৮.২৯ কোটি টকা হয়। হিন্দুস্তান ইউনিলিভাৰৰ বজাৰ মূল্য ৩,৫৭১.৩৭ কোটি টকা হ্ৰাস পাই ৫,৯৪,২৩৫.১৩ কোটি টকা হয়। চেন্সেক্সৰ শীৰ্ষ ১০ টা কোম্পানীৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ। তাৰ পিছতে আছে এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, টি চি এছ, আই চি আই চি আই বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, বাজাজ ফাইনেন্স, ইনফ’ছিছ, হিন্দুস্তান ইউনিলিভাৰ আৰু এল আই চি।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande