নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে জম্মু-কাশ্মীৰৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দেওবাৰে প্ৰকাশ পোৱা এই তালিকাত আছে তিনিজন প্ৰাৰ্থী: গুলাম মহম্মদ মিৰ, ৰাকেশ মহাজন আৰু শত শৰ্মা।
বৰ্তমান শত শৰ্মা জম্মু-কাশ্মীৰত বিজেপিৰ ৰাজ্যিক গোটৰ মুৰব্বী। ৰাষ্ট্ৰীয় সন্মিলন আৰু কংগ্ৰেছৰ শাসকীয় মিত্ৰজোঁটৰ তুলনাত বিজেপিৰ সংখ্যাগত সুবিধা থকা তৃতীয়খন অধিসূচনাৰ অধীনত তেওঁ ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনখনত বিজেপিৰ ২৮টা ভোটৰ বিপৰীতে ৰাষ্ট্ৰীয় সন্মিলন-কংগ্ৰেছৰ মিত্ৰজোঁটৰ ২৪টা ভোট আছে ।
এই আসনসমূহৰ নিৰ্বাচন ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া