কামৰূপ, ১২ অক্টোবৰ (হি.স.)। ৰাজ্যৰ মুঠ ২৬ খন জিলাত আজিৰ পৰা আৰম্ভ হৈছে উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযান। জন্মৰ পৰা ৫ বছৰ বয়সৰ শিশুসকলক লক্ষ্য কৰি এই প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হৈছে।
এই উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভ উদ্বোধনী অনুষ্ঠান আজি কামৰূপ মহানগৰ জিলাৰ খানাপাৰা ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত অনুষ্ঠিত হয়।
অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু, স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ, কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰীক্ষক ডাঃ নগেন শৰ্মা, মহানগৰৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, জিলা প্ৰতিষেধক বিষয়া ডাঃ ভৱেন্দ্ৰ কুমাৰ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰৰ জিলা আৰু খণ্ডস্তৰৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
ৰাজ্যৰ সৰ্বমুঠ ৩৬,৮৬,৫৯৭ গৰাকী শিশুৰ ভিতৰত কামৰূপ মহানগৰ জিলাত মুঠ ১৯৯,৬২১ গৰাকী শিশুক এই অভিযানৰ অধীনত পলিঅ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
এই কাৰ্যসূচীৰ সফল সম্পাদনৰ বাবে জিলাখনত মুঠ ৭৯৮ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰতিষেধক প্ৰদান কেন্দ্ৰত পলিঅ প্ৰতিষেধক প্ৰদান কৰাৰ পাছতো কোনো শিশু যাতে পলিঅ প্ৰতিষেধকৰ পৰা বঞ্চিত নহয় সেই উদ্দেশ্যে স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিব।
অভিযান সুকলমে সম্পন্ন হোৱাৰ লক্ষ্যে স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা সকলো প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। লগতে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে বেনাৰ-পোষ্টাৰ লগোৱাৰ লগতে মাইকযোগেও প্ৰচাৰ অভিযান চলোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী