অসম সাহিত্য সভাৰ অধিৱেশনত 'বৰাক বৈভৱ' শীর্ষক স্মৃতিগ্রন্থ উন্মোচন
শিলচৰ, ১২ অক্টোবৰ (হি.স.)। শিলচৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ প্ৰথম দিনা শনিবাৰে বিভিন্ন কাৰ্যসূচীৰ লগতে ''বৰাক বৈভৱ'' শীর্ষক স্মৃতিগ্রন্থ উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বাম
অসম সাহিত্য সভাৰ অধিৱেশনত 'বৰাক বৈভৱ' শীর্ষক স্মৃতিগ্রন্থ উন্মোচন


শিলচৰ, ১২ অক্টোবৰ (হি.স.)। শিলচৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ প্ৰথম দিনা শনিবাৰে বিভিন্ন কাৰ্যসূচীৰ লগতে 'বৰাক বৈভৱ' শীর্ষক স্মৃতিগ্রন্থ উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত 'বৰাক বৈভৱ' শীর্ষক স্মৃতিগ্রন্থ, অসম সাহিত্য সভাৰ পত্রিকা আৰু বার্তা উন্মোচন কৰা হয়।

উল্লেখ্য যে 'বৰাক বৈভৱ' শীর্ষক স্মৃতিগ্রন্থৰ মুখ্য সম্পাদক হৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা। উন্মোচনৰ সময়ত তেওঁৰ লগতে উপস্থিত থাকে সম্পাদনা সমিতিৰ মুখ্য উপদেষ্টা, সদস্য, শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, আউনীআটি বিশ্ববিদ্যালয় পঞ্জীয়ক ড° মাধুর্যমণ্ডিত বৰুৱা আৰু লোক সংস্কৃতিৰ গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অনিল শইকীয়া। এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ পত্রিকা আৰু বার্তাও উন্মোচন কৰা হয়।

উল্লেখ্য যে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিলচৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন। ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পেৰে দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে শিলচৰৰ বংগ ভৱনত আৰম্ভ হয় অসম সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন। প্ৰথম দিনা পুৱা কাছাৰ জিলা সাহিত্য সভাৰ সভাপতি ড° যোগেশ্বৰ বৰ্মনে পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande