কাছাৰ, ১২ অক্টোবৰ (হি.স.)। কাছাৰত বৰাক নদীত ৮ কোটি টকা মুল্যৰ য়াবা টেবলেট আৰু বিদেশী চিগাৰেট জব্দ। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। এইবাৰ নদীপথত অভিযান চলাই কাছাৰ আৰক্ষীয়ে বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।
কাছাৰৰ লক্ষীপুৰত বৰাক নদীত জব্দ নিচাজাতীয় সামগ্ৰী খিনি। মণিপুৰৰ পৰা সৰবৰাহৰ সময়ত জব্দ কৰা হয়। আৰক্ষীৰ চকুত ধুলি দি বৰাক নদীৰে এখন নাৱঁত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সময়ত আৰক্ষীয়ে ১০ হাজাৰ য়াবা টেবলেট আৰু ১ লাখ ২৫ হাজাৰ এছেনছিয়েল লাইট ব্ৰেণ্ডৰ বিদেশী চিগাৰেট জব্দ কৰে। জব্দ কৰা এই সামগ্ৰী খিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ৮ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। আৰক্ষীৰ উমান পাই পলায়ন সৰবৰাহকাৰী।
এই নিচাজাতীয় সামগ্ৰী জব্দ কৰা বিষয়টো সামাজিক মাধ্যমত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই এয়া নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ডাঙৰ জয় বুলি উল্লেখ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা