- অনুষ্ঠানৰ দুদিন পিছত দেওবাৰে আফগান দূতাবাসত আন এক সংবাদমেল অনুষ্ঠিত কৰে আমিৰ খান মুত্তকীয়ে
নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে অনুষ্ঠানৰ দুদিন পিছত দেওবাৰে আন এক সংবাদমেল অনুষ্ঠিত কৰে। আজিৰ সংবাদমেলত তেওঁ শুকুৰবাৰৰ সংবাদমেলৰ পৰা মহিলা সাংবাদিকক বাদ পৰাৰ বিতৰ্কক স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে এই সিদ্ধান্ত কোনো ইচ্ছাকৃতভাৱে বাদ দিয়াৰ বাবে নহয়, বৰঞ্চ খৰখেদাকৈ তথ্য আৰু অংশগ্ৰহণকাৰীৰ সীমিত তালিকাৰ বাবেহে হৈছে।
আজি দিল্লীস্থিত আফগান দূতাবাসত মুত্তকীয়ে আন এক সংবাদমেল অনুষ্ঠিত কৰে, য’ত মহিলা সাংবাদিকসকলো উপস্থিত থাকে। তেওঁ উল্লেখ কৰে যে এইটো এটা কাৰিকৰী বিষয়, আৰু আয়োজকসকলে মাত্ৰ নিৰ্বাচিত কেইজনমান সাংবাদিককহে আমন্ত্ৰণ জনাইছে। ইয়াৰ লগত কোনো ধৰণৰ বৈষম্য নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
মহিলাৰ অধিকাৰ সম্পৰ্কীয় আন এটা প্ৰশ্নৰ উত্তৰত মুত্তকীয়ে কয় যে তালিবান চৰকাৰে মহিলাৰ শিক্ষাক ধৰ্মীয়ভাৱে “হাৰাম” ঘোষণা কৰা নাই। তেওঁ কয় যে আফগানিস্তানত বৰ্তমান প্ৰায় ২৮ লাখ ছোৱালীকে ধৰি এক কোটি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। মুত্তকীয়ে উল্লেখ কৰে যে তেওঁৰ চৰকাৰে ভাৰতৰ দেওবন্দকে ধৰি বিশ্বজুৰি উলামা আৰু মাদ্ৰাছাৰ সৈতে সম্পৰ্ক বজাই ৰাখে।
উল্লেখযোগ্য যে আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে ইয়াত অনুষ্ঠিত সংবাদমেলত মহিলা সাংবাদিকক অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত কংগ্ৰেছ নেতাসকলে মহিলাসকল দেশৰ গৌৰৱ বুলি অভিহিত কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ দাবী কৰিছিল।
প্ৰিয়ংকা গান্ধীয়ে এক্স-পোষ্টত লিখিছিল যে তালিবানৰ প্ৰতিনিধিগৰাকীৰ ভাৰত ভ্ৰমণৰ সময়ত অনুষ্ঠিত সংবাদমেলৰ পৰা মহিলা সাংবাদিকক কিয় আঁতৰাই দিয়া হ’ল সেই কথা কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিব লাগে।
প্ৰিয়ংকা গান্ধীৰ পোষ্টটো পুনৰ পোষ্ট কৰি ৰাহুল গান্ধীয়ে লিখিছে যে যেতিয়া মহিলা সাংবাদিকক ৰাজহুৱা মঞ্চৰ পৰা বাদ দিয়া হয় তেতিয়া ভাৰতৰ প্ৰতিগৰাকী মহিলালৈ চৰকাৰে বাৰ্তা প্ৰেৰণ কৰে যে চৰকাৰে তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত দুৰ্বল।
আফগান মন্ত্ৰীগৰাকীৰ সংবাদমেলত ভাৰত চৰকাৰৰ কোনো ভূমিকা নাই বুলি উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো স্পষ্ট কৰি দিয়ে। এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে আফগান পক্ষই আয়োজন কৰিছিল।
উল্লেখযোগ্য যে অহা ৯-১৬ অক্টোবৰৰ পৰা বৈদেশিক মন্ত্ৰী মুত্তাকীয়ে ভাৰত ভ্ৰমণ কৰি আছে । ইয়াৰ পূৰ্বে ১০ অক্টোবৰত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সাক্ষাৎ কৰে। বৈঠকত দুয়োপক্ষই পাৰস্পৰিক বাণিজ্য, মানৱীয় সাহায্য, আঞ্চলিক নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত চৰ্চা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া