নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দুখন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে । আজি দেওবাৰে অৰ্থাৎ মেচখনৰ তৃতীয় দিনা ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত সীমাবদ্ধ হৈ পৰে। ইয়াৰ পূৰ্বে ভাৰতে ৫ উইকেটত ৫১৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰিছিল । ফলস্বৰূপে আলহী দলটো এতিয়াও ভাৰতৰ পৰা ২৭০ ৰান পিছ পৰি আছে। ৱেষ্ট ইণ্ডিজে ৩১৯ ৰান সংগ্ৰহ কৰিবলগীয়া হৈছিল যদিও ফ’ল’ অন এৰাই চলিব নোৱাৰিলে। এতিয়া ভাৰতে এই ফ’ল’-অন বলবৎ কৰাৰ সিদ্ধান্ত লৈছে।
দেওবাৰে পুৱা ৱেষ্ট ইণ্ডিজে চাৰি উইকেটত ১৪০ ৰানত পুনৰ খেল আৰম্ভ কৰে। আৰম্ভণিতে ৱেষ্ট ইণ্ডিজে পঞ্চমটো আঘাতৰ সন্মুখীন হৈছিল। কুলদীপ যাদৱে ক্লিন বোল্ড কৰি শই হোপক পেভেলিয়নলৈ পঠিয়ায়। হোপে ৫৭ বলত ৩৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছত কুলদীপে আৰু দুটা উইকেট দখল কৰে। প্ৰথমে টেভিন ইমলাচ দলৰ ১৬৩ ৰানত এল বি ডব্লিউ আউট কৰে। তাৰ পাছত জাষ্টিন গ্ৰীভছক ১৭৪ ৰানত আউট কৰে। টেভিনে ২১ আৰু জাষ্টিনে ১৭ ৰান কৰে। ৱেষ্ট ইণ্ডিজে ১৭৫ ৰানত অষ্টমটো উইকেট হেৰুৱাই। মহম্মদ চিৰাজে জোমেল ৱাৰিকনক ক্লিন বোল্ড কৰে। তেওঁ মাত্ৰ এটা ৰান সংগ্ৰহ কৰিছিল।
দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ ঠিক পিছতেই জাছপ্ৰিত বুমৰাহে খাৰী পিয়েৰক আউট কৰি আলহী দলটোক নৱমটো উইকেট পতন ঘটায়। পিয়েৰে ২৩ ৰান সংগ্ৰহ কৰিছিল। কুলদীপ যাদৱে জেডেন ছিলছক আউট কৰি ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ ২৪৮ ৰানত অন্ত পেলায়। এই উইকেটৰ জৰিয়তে কুলদীপেও নিজৰ ৫ উইকেট দখল কৰা সম্পূৰ্ণ কৰে।
ভাৰতৰ ৫ উইকেটত ৫১৮ ৰান কৰি প্ৰথম ইনিংছ ঘোষণা
ভাৰতীয় দলটোৱে ৫ উইকেটত ৫১৮ ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰে। অধিনায়ক শুভমন গিলে অপৰাজিত ১২৯ ৰান সংগ্ৰহ কৰি টেষ্টত দশম শতক অৰ্জন কৰে। যশস্বী জয়ছোৱালে ১৭৫ ৰানৰ উৎকৃষ্ট ইনিংছ খেলিছিল। জয়ছোৱাল আৰু গিলৰ উপৰিও ছাই সুদৰ্শনে ৮৭ ৰান, ধ্ৰুৱ জুৰেলে ৪৪ ৰান, নীতিশ কুমাৰ ৰেড্ডীয়ে ৪৩ ৰান, আৰু কে এল ৰাহুলে ৩৮ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ প্ৰথম ইনিংছত জোমেল ৱাৰিকনে তিনিটা আৰু ৰষ্টন চেজে এটা উইকেট দখল কৰে।
ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাৰ এইখন দ্বিতীয়খন মেচ। প্ৰথমখন মেচত জয়লাভ কৰি ১-০ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় দলটোৱে।
हिन्दुस्थान समाचार / অৰৱিন্দ