যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্য জনক মৃত্যু
যোৰহাট, ১২ অক্টোবৰ (হি.স.)। যোৰহাট চেঙেলী গাঁৱৰ ২১ বছৰীয়া প্ৰীতম দত্ত নামৰ যুৱক জনক শনিবাৰে ভোগদৈ আৰক্ষী চকীৰ বৰ্ণালী গোহাঁই ৰ নেতৃত্বত যোৱা আৰক্ষীয়ে চুৰি সংক্ৰান্তীয় অভিযোগত আটক কৰি আনিছিল নিশা প্রায় ১১ বাজি ৪৫ মিনিটত । কিন্তু ৰহস্যজনক ভাৱে আজি দু
যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্য জনক মৃত্যু


যোৰহাট, ১২ অক্টোবৰ (হি.স.)। যোৰহাট চেঙেলী গাঁৱৰ ২১ বছৰীয়া প্ৰীতম দত্ত নামৰ যুৱক জনক শনিবাৰে ভোগদৈ আৰক্ষী চকীৰ বৰ্ণালী গোহাঁই ৰ নেতৃত্বত যোৱা আৰক্ষীয়ে চুৰি সংক্ৰান্তীয় অভিযোগত আটক কৰি আনিছিল নিশা প্রায় ১১ বাজি ৪৫ মিনিটত । কিন্তু ৰহস্যজনক ভাৱে আজি দুপৰীয়া প্ৰায় ১০ বাজি ৩৫ মিনিটত ভোগদৈ আৰক্ষী চকীৰ পৰা ফোন কৰি পৰিয়ালৰ লোকক যুৱকজনে আত্মহত্যা কৰিছে বুলি জানিবলৈ দিয়ে ।

কিন্তু পৰিয়ালৰ লোকে এই আত্মহত্যাক সহজভাৱে মানি লব পৰা নাই । বৰ্তমান যোৰহাট মেডিকেল কলেজ হস্পিতালৰ মৰ্গত মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে । মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত নিশ্চিত কৰিব পৰা যাব যুৱকজনে আত্মহত্যা কৰিছে নে আৰক্ষীৰ আতিসহ্য় সহিব নোৱাৰি যুৱকজনে আত্মহত্যা কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande