লংকাত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক আটক
হোজাই, ১২ অক্টোবৰ (হি.স.)। লংকাত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক আটক। লংকাৰ উদালী পহৰা চকীৰ সন্মূখত আৰক্ষীৰ নিয়মীয়া তালাচীত ১৮ টা ড্ৰাগছ ভৰ্টি চাবোনৰ বাকচ সহ আটক কৰিছে তিনিজন লোকক। লামডিং-লংকা সংযোগী ২৭ নং চাৰিলাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত তিনিআলীত
লংকাত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক আটক


হোজাই, ১২ অক্টোবৰ (হি.স.)। লংকাত ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক আটক। লংকাৰ উদালী পহৰা চকীৰ সন্মূখত আৰক্ষীৰ নিয়মীয়া তালাচীত ১৮ টা ড্ৰাগছ ভৰ্টি চাবোনৰ বাকচ সহ আটক কৰিছে তিনিজন লোকক।

লামডিং-লংকা সংযোগী ২৭ নং চাৰিলাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত তিনিআলীত ড্ৰাগছ, বাহন সহ সৰবৰাহকাৰী তিনিজনক আটক কৰা হৈছে।

জানিব পৰা অনুসৰি কাছাৰৰ পৰা তেজপুৰলৈ চাৰিচকীয়া বাহনত সৰবৰাহকাৰী কেইটাই নি আছিল ড্ৰাগছ খিনি।। তেতিয়াই নিশ্চিত তথ্যৰ আধাৰত আৰক্ষীয়ে এ এছ ১১ ভি ৬১৭২ নম্বৰৰ বাহনখনত তালাচী চলোৱাত ড্ৰাগছখিনি উদ্ধাৰ হয়। আৰক্ষীয়ে গাড়ী, ড্ৰাগছ সহ আটকাধীন লোক তিনিজনক লংকাৰ উদালী পহৰা চকীত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

আটকাধীন লোক কেইজন ক্ৰনে আজেদ আলী(১৮), জাহিৰ আহমেদ (১৮),চাহিন আহমেদ বৰভুঞা(২০) বুলি চিনাক্ত কৰা হৈছে। ইফালে

আটাইৰে ঘৰ‌ শিলচৰ বাঘাবাজাৰত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande