লংকাৰ উদালীত আৰক্ষীৰ নিয়মীয়া তালাচিত ১৮ টা ড্ৰাগছ ভৰ্টি চাবোনৰ বাকচসহ আটক তিনিজন
হোজাই, ১২ অক্টোবৰ (হি.স.)। ৰাজ্য়ত অব্য়াহত আছে মাৰাত্মক বৰবিহ ড্ৰাগছৰ সৰবৰাহ। ইয়াৰ মাজতে লংকাৰ উদালী পহৰা চকীৰ সন্মূখত আৰক্ষীৰ নিয়মীয়া তালাচিত ১৮ টা ড্ৰাগছ ভৰ্টি চাবোনৰ বাকচ সহ তিনিজন লোকক আটক কৰা হৈছে । লামডিং-লংকা সংযোগী ২৭ নং চাৰিলাইন যুক্ত ৰ
লংকাৰ উদালীত আৰক্ষীৰ নিয়মীয়া তালাচিত ১৮ টা ড্ৰাগছ ভৰ্টি চাবোনৰ বাকচসহ আটক তিনিজন


হোজাই, ১২ অক্টোবৰ (হি.স.)। ৰাজ্য়ত অব্য়াহত আছে মাৰাত্মক বৰবিহ ড্ৰাগছৰ সৰবৰাহ। ইয়াৰ মাজতে লংকাৰ উদালী পহৰা চকীৰ সন্মূখত আৰক্ষীৰ নিয়মীয়া তালাচিত ১৮ টা ড্ৰাগছ ভৰ্টি চাবোনৰ বাকচ সহ তিনিজন লোকক আটক কৰা হৈছে । লামডিং-লংকা সংযোগী ২৭ নং চাৰিলাইন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত তিনিআলিত জব্দ কৰা হয় এই ড্ৰাগছখিনি। লগতে বাহন সহ তিনিজন লোকক আটক কৰা হৈছে ।

জানিব পৰামতে, কাছাৰৰ পৰা তেজপুৰলৈ চাৰিচকীয়া বাহনত নি আছিল ড্ৰাগছ খিনি। জব্দকৃত বাহনখনৰ নম্বৰ এএছ ১১ ভি ৬১৭২ বুলি জনা গৈছ। ইতিমধ্য়ে গাড়ী, ড্ৰাগছ সহ আটকাধীন তিনিজনক লংকাৰ উদালী পহৰা চকীত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আটকাধীন লোক কেইজন ক্ৰমে আজেদ আলী(১৮), জাহিৰ আহমেদ (১৮) আৰু চাহিন আহমেদ বৰভুঞা(২০) বুলি পৰিচয় পোৱা গৈছে । ধৃত আটাইৰে ঘৰ‌ শিলচৰ বাঘাবাজাৰত বুলি জনা গৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande