বংগত ওড়িশাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ঘটনাত তিনিজনক গ্ৰেপ্তাৰ, এজনক আটক
কলকাতা, ১২ অক্টোবৰ (হি.স.)। পশ্চিম বংগৰ দুৰ্গাপুৰত ওড়িশাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী এগৰাকীক দলবদ্ধ ধৰ্ষণৰ গোচৰত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন এজন সন্দেহযুক্ত লোককো আটক কৰা হৈছে। আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহৰ বাবে অভিযুক্তৰ মোবাইল ফোন জব্দ
গ্ৰেপ্তাৰ


কলকাতা, ১২ অক্টোবৰ (হি.স.)। পশ্চিম বংগৰ দুৰ্গাপুৰত ওড়িশাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী এগৰাকীক দলবদ্ধ ধৰ্ষণৰ গোচৰত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন এজন সন্দেহযুক্ত লোককো আটক কৰা হৈছে। আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহৰ বাবে অভিযুক্তৰ মোবাইল ফোন জব্দ কৰিছে। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ।

আৰক্ষী বিষয়াৰ মতে, ধৃত তিনিজন অভিযুক্তক জেৰা অব্যাহত আছে। কল ডিটেইল আৰু টাৱাৰৰ স্থানৰ বাবেই গ্ৰেপ্তাৰ হয়। আৰক্ষীয়ে অপৰাধস্থলী – পৰংগঞ্জ কালিবাৰী শ্মশানৰ সমীপৰ এখন অৰণ্য ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে। কাষৰীয়া গাঁৱত নিবিড় অনুসন্ধান চলি আছে, আৰু ড্ৰোনৰ সহায়ত অৰণ্যৰ তালাচী চলোৱা হৈছে।

সূত্ৰই জনোৱা মতে, ওড়িশাৰ জলেশ্বৰৰ বাসিন্দা ছাত্ৰীগৰাকী দুৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। শুকুৰবাৰে নিশা কলেজ চৌহদৰ পৰা বন্ধুৰ সৈতে নিশাৰ আহাৰ খাবলৈ ওলাই যোৱাৰ সময়তে একাংশ যুৱকে তাইক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ওড়িশাৰ পৰা দুৰ্গাপুৰত উপস্থিত হৈ ভুক্তভোগীৰ পিতৃ-মাতৃয়ে নিউ টাউনশ্বিপ আৰক্ষী থানাত এফআইআৰ দাখিল কৰে। পঢ়া-শুনা কৰা একেখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে। চিকিৎসকে কয় যে তাইৰ অৱস্থাৰ উন্নতি হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে আৰু তদন্ত অব্যাহত আছে। তদন্তকাৰীৰ মতে এই জঘন্য অপৰাধৰ লগত অতিৰিক্ত ব্যক্তি জড়িত হ’ব পাৰে। অভিযুক্তই ভুক্তভোগী মহিলাগৰাকীক চিনি পাইছিল নে তেওঁৰ বন্ধুক চিনি পাইছিল সেয়াও নিৰ্ণয় কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, এই কাণ্ডৰ সময়ত অভিযুক্তই ভুক্তভোগীৰ মোবাইলৰ পৰা আন এজন অভিযুক্তক ফোন কৰিছিল, যাৰ ফলত আৰক্ষীয়ে তেওঁলোকৰ মোবাইল নম্বৰৰ সূত্ৰ লাভ কৰিছিল।

ইফালে, ৰাজ্য চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পিতৃয়ে। তেওঁ কয়, মই ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো যে দোষীক কঠোৰ শাস্তি দিয়ক যাতে ৰাজ্যৰ কন্যাসকলে নিৰাপত্তা অনুভৱ কৰে। মোৰ সন্দেহ যে তেওঁৰ লগত থকা বন্ধুজনো ইয়াৰ লগত জড়িত হ'ব পাৰে। আৰক্ষীয়ে শীঘ্ৰে সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰক।

লগতে পিতৃয়ে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক নিজৰ কন্যা সন্তানক অনতিপলমে বংগৰ পৰা নিৰাপদে ওড়িশালৈ আনিবলৈ অনুৰোধ জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande