পশ্চিম কাৰ্বি আংল, ১২ অক্টোবৰ (হি.স.)। বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ তাপাতত হোৱা ভূমিকেন্দ্ৰিক সংঘৰ্ষৰ পিছত আজিও পাৰ্বত্য জিলা দুখনত অব্যাহত আছে চেপা উত্তেজনা। তাৰ মাজতেই শনিবাৰে সমগ্ৰ কাৰ্বি আংলং বন্ধ হোৱাৰ সমান্তৰালকৈ নিশা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দেখিবলৈ পোৱা গল কেবা শতাধিক বন্তি, মম আদি জ্বলাই প্ৰয়াত অৰিৱেল তিমুঙক শ্ৰদ্ধাঞ্জলি জনোৱা।
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ তাপাতত একাংশ খাচি আৰু অসমবাসী লোকৰ মাজত সংঘটিত হৈছিল এক ভূমিকেন্দ্ৰিক সংঘৰ্ষ। আৰু সংঘৰ্ষত খাছী দুস্কৃতিকাৰীৰ আক্ৰমণ আৰু দা-ৰ ঘাপত নিহত হৈছিল অৰিৱেল তিমুঙ নামৰ লোকজন। বিপৰীতে আন ১৮ জনতকৈ অধিক লোক এই হিংসাত্মক ঘটনাত তথা আক্ৰমণত আহত হৈছিল। আৰু এই হিংসাত্মক ঘটনাৰ পাছতেই ক্ষোভিত হৈ পৰে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ জনতা। একাংশ ক্ষোভিত জনতাই এই ঘটনা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি পৰিষদ চৰকাৰৰ গাফিলতি, অমনোযোগিতা আৰু গুৰুত্বহীনতাৰ বাবেই সংঘটিত হৈছে আৰু পূৰ্বেও বহুবাৰ হৈছিল বুলি জগৰীয়া কৰে আৰু চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা