তিতাবৰ ঠেঙাকবাৰী জকাইচুকত উত্তপ্ত পৰিস্থিতি
যোৰহাট, ১২ অক্টোবৰ (হি.স.)।তিতাবৰ ঠেঙাকবাৰী জকাইচুকত উত্তপ্ত পৰিস্থিতি। তিতাবৰৰ কমাৰবন্ধা চাহ বাগিচাৰ বিজয় গণ্ড নামৰ এটা পাষণ্ডই সুযোগ গ্ৰহণ কৰি কমাৰবন্ধাৰ মন্দিৰত লক্ষ্মী পুজা উপলক্ষে পুজা দিবলৈ অহা এগৰাকী কিশোৰীক এখন গাড়ীত উঠাই কিছু নিলগত এখন জনশ
তিতাবৰ ঠেঙাকবাৰী জকাইচুকত উত্তপ্ত পৰিস্থিতি


যোৰহাট, ১২ অক্টোবৰ (হি.স.)।তিতাবৰ ঠেঙাকবাৰী জকাইচুকত উত্তপ্ত পৰিস্থিতি। তিতাবৰৰ কমাৰবন্ধা চাহ বাগিচাৰ বিজয় গণ্ড নামৰ এটা পাষণ্ডই সুযোগ গ্ৰহণ কৰি কমাৰবন্ধাৰ মন্দিৰত লক্ষ্মী পুজা উপলক্ষে পুজা দিবলৈ অহা এগৰাকী কিশোৰীক এখন গাড়ীত উঠাই কিছু নিলগত এখন জনশুন্য়হীন স্থানত ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ । পাছত পৰিয়ালে জানিব পাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰে যদিও প্ৰায় ১২ দিন অতিবাহিত হোৱাৰ পাছতো আৰক্ষী প্ৰশাসনে মুল অভিযুক্ত বিজয় গণ্ডক কৰায়ত্ত কৰিবলৈ সক্ষম নহল ।

যাৰ বাবে কিশোৰী গৰাকীয়ে লাজে অপমানে অৰ্ন্তদণ্ডত ভুগি নিজৰ ঘৰৰ ভিতৰতে চিপজৰী লগায় আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও কিশোৰী গৰাকীৰ ন্যায় বিচাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৰাইজে ।উল্লেখ্য যে গোচৰ দিয়াৰ পাছতো ইমান দিনে মুল অপৰাধী বিজয় গণ্ডক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে বুলি জবাব দিহি কৰি পৰিস্থিতি উত্তপ্ত কৰে ৰাইজে । ২৪ ঘণ্টাৰ ভিতৰত নৰপিশাচটোক কৰায়ত্ব কৰিব নোৱাৰিলে পৰিস্থিতি বেয়াৰ পথলৈ যাব বুলি হুংকাৰ প্ৰদান কৰে চাহ জনগোষ্ঠীয় লোক সকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande